NORTHEAST NOW (Assamese)

সাপেখাটীত মৃতদেহ উদ্ধাৰ

December 3, 2017 11:41 am · ৰূপা মণি গগৈ, সাপেখাটী:

আজি পুৱাই চৰাইদেউ জিলাৰ সাপেখাতী গুদাম চাৰিআলিৰ বনগাওঁত এক অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । প্ৰায় ৫০ বছৰীয়া লোকজন নিলমণিৰ পৰা সাপেখাটীলৈ আহি আছিল বুলি অনুমান কৰা হৈছে। হঠাৎ লোকজন শাৰিৰীকভাৱে অসুস্থ হৈ  পথৰ কাষতে বহি পৰা দেখিবলৈ পায় কিছু সংখ্যক প্ৰতক্ষদৰ্শীয়ে। জানিব পৰা মতে সন্ধিয়াৰ পাছতো  লোকজন সেই স্থানৰ পৰা উঠি নোযোৱাত মানুহজনক স্থানীয় লোকে সোধ পোছ কৰে যদিও মুখেৰে নমতাত সাপেখাটী  আৰক্ষী থানালৈ খবৰ দিয়ে। কিন্তু  আৰক্ষীৰ কাণ্ডত স্থানীয় ৰাইজ হতবাক হৈ পৰে। কিছুসংখ্যক প্ৰত্যক্ষ দৰ্শীয়ে জানিব দিয়া অনুসৰি  আৰক্ষী প্ৰশাসনে ” তোমালোকৰ পদুলিত নহয় যদি বাদ দিয়া ” মন্তব্যৰে গা এৰা দিয়ে । সেয়ে উপায়ন্তৰ হৈ তাৰ পৰা উঠাই পঠাবলৈ চেষ্টা কৰে যদিও উঠি নোযোৱাত গৰম কাপোৰ দি তাতে এৰি থৈ যায় । আজি পুৱাই স্থানীয় ৰাইজে তেওঁৰ মৃতদেহ প্ৰতক্ষ্য কৰে ।বৰ্তমান সময়লৈকে লোকজনৰ পৰিচয় পোৱা নাই আৰক্ষীয়ে। আৰক্ষী  প্ৰশাসনৰ চৰম অৱহেলাৰ বাবেই এনেদৰে এজন মানুহৰ মৃত্যু হোৱাত স্থানীয় ৰাইজে কঠোৰ ভাষাৰে আৰক্ষী প্ৰশাসনক গৰিহনা দিছে ।

Related News