NORTHEAST NOW (Assamese)

সাম্প্ৰতিক সময়ত অসমৰ সমাজখন নৈতিক অৱক্ষয়ৰ দিশে অগ্ৰসৰ হৈছে : উপেন্দ্ৰ বৰকটকী

July 17, 2018 2:16 pm · মিণ্টু দাস
Updated: July 18, 2018 6:20 pm

নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ অধ্যাপক প্ৰদীপ কুমাৰ বৰাৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সোমবাৰে বিশিষ্ট সমালোচক, সাহিত্যিক প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত প্ৰদীপ কুমাৰ বৰাৰ ‘ প্ৰাসংগিক চিন্তা’, ‘মৌ-সৰা ধান’ আৰু ‘ মহাকাব্যৰ মহান কাহিনী’ নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰা হয়।

‘প্ৰাসংগিক চিন্তা’  নামৰ গ্ৰন্থ খন উন্মোচন কৰি সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কয় যে প্ৰদীপ কুমাৰ বৰাই গ্ৰন্থখনৰ জৰিয়তে সমকালীন সময়ৰ কিছু বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ সম্পৰ্কত এক সমীক্ষামুলক বক্তব্য দাঙি ধৰি বৰকটকীয়ে কয় যে সাম্প্ৰতিক সময়ত অসমৰ সমাজখন নৈতিক অৱক্ষয়ৰ দিশে অগ্ৰসৰ হৈছে। আমি সকলোৱেই অসমখনক এনে অৱস্থাৰ পৰা মুক্ত কৰি সঠিক দিশত আগুৱাই নিব লাগিব। গ্ৰন্থৰ অধ্যয়নে আমাক জ্ঞানৰ সন্ধান দিয়ে বুলি অভিহিত কৰি তেওঁ নৱ প্ৰজন্মক সাহিত্য চৰ্চাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।

বৰাৰ ‘মৌ-সৰা ধান’ নামৰ কাব্য গ্ৰন্থ খন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট গল্পকাৰ ডা: অপূৰ্ব শ‌ইকীয়াই বৰাৰ কাব্য প্ৰতিভাৰ কথা উল্লেখ কৰি কয়, ‘’মানৱ জীৱনৰ পৰিক্ৰমা হ’ল এক দীঘলীয়া কবিতা। কবিতা অন্তৰস্পৰ্শী হ’ব লাগিব।‘’

বৰাৰ আন এখন গ্ৰন্থ ‘মহাকাব্যৰ মহান কাহিনী’ উন্মোচন কৰি সঞ্চালক প্ৰভাত বৰাই এক মননশীল বক্তৃতা প্ৰদান কৰে। সাম্প্ৰতিক সময়ৰ বিভিন্ন দিশ উল্লেখ কৰি বৰাই নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহশীল হ’বলৈ আহ্বান জনায়।

অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: শিৱৰঞ্জন মহন্তই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক ড: মিলন নেওগে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মুকুট ভূঞাই। অনুষ্ঠানত গ্ৰন্থ তিনিখনৰ প্ৰকাশক ক্ৰান্তিকালৰ স্বত্বাধিকাৰী কৈশাস ৰাজখোৱাকে প্ৰমুখ্য কৰি ভালে সংখ্যক গন্য মান্য ব্যাক্তি উপস্থিত থাকে।

Related News