ত্ৰিপুৰাৰ ধৰ্মনগৰত যাদু প্ৰদৰ্শন কৰিবলৈ সাজু বিখ্যাত যাদুকৰ জুনিয়ৰ পিচি সৰকাৰ

n1 (1)

যাদু প্ৰদৰ্শনৰ পাঁচ দিনীয়া কাৰ্যসূচী হাতত লৈ ত্ৰিপুৰাৰ ধৰ্মনগৰত উপস্থিত হৈছে সকলোৰে চিৰ পৰিচিত যাদুকৰ জুনিয়ৰ পিচি সৰকাৰ।  উল্লেখ্য যে পিচি সৰকাৰ, তেওঁৰ পত্নী জয়শ্ৰী সৰকাৰ আৰু জীয়ৰী মেনকা সৰকাৰে ধৰ্মনগৰ বিবেকানন্দ চাৰ্জো শতবাৰ্ষিকী ভৱনত অহা ৫ দিনৰ বাবে প্ৰদৰ্শন কৰিব যাদু।

সুদীৰ্ঘ ৩৮ বছৰৰ মূৰত ধৰ্মনগৰত উপস্থিত হৈ আৱেগিক হৈ পৰা যাদুকৰ পিচি সৰকাৰে ধৰ্মনগৰৰ সামগ্ৰিক উন্নয়ন দেখি স্তম্ভিত হোৱাৰ লগতে আপ্লুত হৈ পৰা দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে দেশৰ অন্যতম জনপ্ৰিয় যাদুকৰ পিচি সৰকাৰে ১৯৮০ চনতে ধৰ্মনগৰৰ টাউন ফিল্ডত প্ৰথমবাৰৰ বাবে যাদু প্ৰদৰ্শন কৰিছিল। আৰু তাৰ পাছতে সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত পুনৰ বাৰ নিজৰ যাদুৰ মায়াজালেৰে ধৰ্মনগৰবাসীক বান্ধিবলৈ সাজু হৈছে পিচি সৰকাৰে।

মন কৰিবলগীয়া যে বিখ্যাত যাদুকৰগৰাকী তেওঁৰ পৰিয়ালৰ সৈতে সুদীৰ্ঘ অন্তৰালত ত্ৰিপুৰাৰ ধৰ্মনগৰত উপস্থিত হোৱাত ৰাজ্যখনৰ বিধানসভাৰ উপ অধ্যক্ষ বিশ্ববন্ধু সেনে আন্তৰিকতাৰে আদৰণি জনোৱাৰ লগতে পিচি সৰকাৰ আৰু তেওঁৰ পৰিয়ালৰ অন্য সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

উপ অধ্যক্ষগৰাকীয়ে যাদুকৰগৰাকীক সম্বৰ্ধনা জনোৱাৰ উপৰি ত্ৰিপুৰাৰ ইতিহাস সম্বলিত এখন গ্ৰন্থও উপহাৰ দিয়ে।