NORTHEAST NOW (Assamese)

সুদূৰ কানাডাৰ পৰা আহি লংব’ৰ্ডেৰে কাজিৰঙা পৰিভ্ৰমণ বিদেশী পৰ্যটকৰ

April 29, 2018 9:43 pm · এন ই নাও নিউজ

সুদূৰ কানাডাৰ পৰা আহি আজি কাজিৰঙাত উপস্থিত হয়হি ৩২ বছৰীয়া নিকলাছ কিলবাক নামৰ এজন বিদেশী পৰ্যটক।

উল্লেখযোগ্য যে এই নিকলাছ কিলবাক নামৰ বিদেশী পৰ্যটকজনে কোনো ধৰণৰ গাড়ী বা চাইকেলেৰে কাজিৰঙালৈ আহে। এখন বিশেষ লংব’ৰ্ডেৰে সুদীৰ্ঘ পথ অতিক্ৰম কৰি আজি পুৱা কাজিৰঙাত উপস্থিত হয়হি।

বিদেশী পৰ্যটক গৰাকীয়ে কাজিৰঙাত উপস্থিত হৈয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত কয় যে তেওঁ প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা আহি কাজিৰঙাত উপস্থিত হয়হি। লগতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়, হাতী, পহু আদি বন্যপ্ৰাণী সমূহ দৰ্শন কৰি অভিভুত হৈ পৰে।

তাৰোপৰি বিদেশী পৰ্যটক গৰাকীয়ে কাজিৰঙাৰ কেইবাখনো গাওঁ, কাজিৰঙাৰ অৰ্কিড উদ্যান লংব’ডৰে পৰিভ্ৰমণ কৰে ৷

আনহাতে কাজিৰঙাৰ ৰাজপথত বিদেশী পৰ্যটকগৰাকীয়ে লংব’ডৰে বিভিন্ন ক্ৰিড়া প্ৰদৰ্শন কৰি স্থানীয় ৰাইজক আপ্লুত কৰে।

Related News