সুবোধ বিশ্বাসৰ কু-কীৰ্তিৰ সাক্ষী হৈয়েই পৰি ৰ’ল চিলাপথাৰৰ আছুৰ কাৰ্যালয়

silapathar

চিলাপথাৰৰ আছুৰ কাৰ্যালয়।

বিগত ২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদী আৰু সুধাকণ্ঠৰ প্রতিমূর্তি ভাঙি চূৰমাৰ কৰিছিল।

ৰাজ্যখনৰ সমূহ জাতীয় দল-সংগঠনৰ লগতে অসমৰ ৰাইজে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছিল। সেই ঘটনা সংঘটিত হোৱাৰ ইতিমধ্যে প্ৰায় ডেৰ বছৰ অতিক্ৰম হোৱাৰ পথত। কিন্তু সকলো জাতীয় আবেগক মষিমূৰ কৰি এতিয়াও সেই ‘জাতীয় শত্ৰু’ৰ কু-কীৰ্তিৰ সাক্ষী হৈ ৰৈছে চিলাপথাৰৰ আছুৰ কাৰ্যালয়।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ বাবে নিব্বাচৰ সভাপতি সুবোধ বিশ্বাসৰ লগতে সর্বমুঠ ৫৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ ইয়াৰে ২৬জন অভিযুক্তই ইতিমধ্যে জামিনো লাভ কৰিছে।

চিলাপথাৰ-কাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে চিলাপথাৰত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ লগতে কেইবাজনো বিধায়িনী দলৰ সদস্য আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াই।

প্ৰতিনিধি দলটোৱে চিলাপথাৰ গাঁও পঞ্চায়তৰ কার্যালয়ত আয়োজিত এখন গুৰুত্বপূর্ণ সভাত বিভিন্ন সংগঠনৰ কাৰ্যকতাৰ সৈতে আলোচনাত মিলিত হৈছিল। উক্ত সভাতে তেওঁলোকে চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ শ্বহীদ বেদী, কার্যালয়ৰ লগতে ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তি নির্মাণৰ বাবে প্রয়োজনীয় ধনৰ ব্যৱস্থা কৰাৰ প্রতিশ্রুতি আগবঢ়াইছিল।

দুৰ্ভাগ্যজনকভাৱে, আজি ডেৰ বছৰ অতিক্রম কৰাৰ পিছতো বিধায়িনী দলৰ সেই প্রতিশ্রুতি পালন কৰা নহ’ল। শ্বহীদ বেদী, ড০ ভূপেন হাজৰিকাৰ স্মাৰক অথবা আছুৰ কার্যালয় নির্মাণৰ নামত কোনো কাম আৰম্ভ কৰা দেখা নগ’ল। এই সম্পৰ্কত চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দেৱেন ডেকা আৰু সম্পাদক অৰবিন্দ গগৈয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। বিধায়িনী দলটোক মিথ্যাচাৰী আখ্যা দি ভুৱা প্রতিশ্রুতিৰে ৰাইজক আভুৱা-ভঁৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। তেওঁলোকে লগতে চিলাপথাৰত সংগঠনটোক দিয়া প্রতিশ্রুতি শীঘ্রে ৰূপায়ন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

আনহাতে, এই ক্ষেত্ৰত বিভিন্ন সচেতন মহলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জাতীয় সংগঠন এটাৰ জাতীয় আবেগক অপমান কৰাৰ লগতে অসমৰ জাতীয় জীৱনৰ অতি আদৰৰ ব্যক্তি সুধাকণ্ঠৰ দৰে গণশিল্পীৰ প্ৰতিমূৰ্তি ভঙাৰ পিছত তাৰ পুনৰ্নিৰ্মাণৰ বাবে চৰকাৰে দেখুওৱা হেমাহিক তীব্ৰ ধিক্কাৰ দিছে জাতীয় দল-সংগঠনে।