NORTHEAST NOW (Assamese)

সোণাৰিত আৰক্ষী-চোৰাং অস্ত্ৰ ব্যৱসায়ীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; তিনিজনক আটক

May 19, 2018 4:58 pm · এন ই নাও নিউজ

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম আৰক্ষীৰ ৰাজীৱ দাস আৰু এ পি আৰ বিষয়া লক্ষ্মী নাৰায়ণ চাহুৱে এক গোপন তথ্যৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত এক অভিযান চলায়। অভিযানকালত আৰক্ষীৰ অভিযানকাৰী দল আৰু চোৰাং অস্ত্ৰ ব্যৱসায়ীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়।

উল্লেখযোগ্য যে চোৰাং অস্ত্ৰ ব্যৱসায়ীৰ দলটো আৰক্ষীৰ দলটোক উদ্দেশ্যি গুলী বৰ্ষণ কৰাৰ মাজতে সুবিধা বুজি পলাবলৈ চেষ্টা কৰে। অৱশ্যে চোৰাং অস্ত্ৰ ব্যৱসায়ীৰ দলটো পলাবলৈ লওঁতেই আৰক্ষীয়ে দুই নাগা যুৱকসহ এজন অসমীয়া যুৱকক আটক কৰিবলৈ সক্ষম হয়।

ধৃত তিনি চোৰাং অস্ত্ৰ ব্যৱসায়ীকেইজনক আৰক্ষীয়ে ক্ৰমে নিউ কন্যাক, য়াংপাং কন্যাক আৰু আবিদুৰ ৰহমান বুলি চিনাক্তকৰণ কৰিছে।

আনহাতে ধৃত অস্ত্ৰ ব্যৱসায়ী তিনিজনৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল, মেগজিন, খালী কাৰ্টিজ আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related News