সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰাতিপুৱা ৯.৩০ বজাত আৰম্ভ হ’ব চৰকাৰী কাৰ্যালয়, নতুন ক্ৰীড়া নীতি ঘোষণা

বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সাংবাদিকৰ আগত সদৰি কৰিছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা বুলি উত্থাপিত অভিযোগৰ মাজতে বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাখনো অভিলাষী আঁচনিত অনুমোদন জনোৱাৰ লগতে চৰকাৰী কৰ্যালয়ৰ কাম কাজ ৰাতিপুৱা ৯.৩০ বজাত আৰম্ভ কৰাৰ দৰে গুৰুত্বপূৰ্ণ  সিদ্ধান্তও গ্ৰহণ কৰা হয়। বুধবাৰে নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে ৰাতিপুৱা ৯.৩০ বজাত কাৰ্যালয়ত উপস্থিত হৈ আবেলি ৫ বজালৈকে থাকিব লাগিব। দুপৰীয়া আধা ঘন্টা আহাৰ বিৰতিৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে।

কেবিনেট বৈঠকত আন কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিত অনুমোদন জনোৱা হয়। সৌৰশক্তিৰে ৫৯০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ এখন অভিলাষী আঁচনিত কেবিনেটে অনুমোদন জনাইছে। বৃহৎ উদ্যোগ খণ্ডকে ধৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ঔদ্যোগিক ক্ষেত্ৰত বাধা হিচাপে চিহ্নিত ভুমিৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা টিহুলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সুদীৰ্ঘ এলেকাক ঔদ্যোগিক ক্ষেত্ৰ বা ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ হিচাপে গ্ৰহণ কৰা এখন আঁচনিতো কেবিনেটে অনুমোদন জনাইছে।

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰি জনতা ভৱনত সাংবাদিকৰ আগত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে গুৱাহাটীৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৫০০ মিটাৰ এলেকা বাদ দি বাকী ভূমিক ঔদ্যোগিক অঞ্চল হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ ফলত এই অঞ্চলসমূহত ঔদ্যোগীকৰণৰ পথ প্ৰশস্ত হ’ব। মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যোগীসকলৰ কাৰণে সকাহৰ ব্যৱস্থা কৰিছে। ইয়াৰে অংশ হিচাপে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ১৫০ শতাংশ আৰু বৃহৎ উদ্যোগৰ বাবে ২০০ শতাংশ এছ জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যৰ ক্ৰীড়া খণ্ডত পৰিৱৰ্তন অনাৰ বাবে এক সুকীয়া ক্ৰীড়া নীতিতো  চৰকাৰে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ গুৰুত্ব আৰোপ কৰা এই ক্ৰীড়া নীতিয়ে আগন্তুক দিনত ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ আশানুৰূপ পৰিৱৰ্তন কঢ়িয়াই অনাৰ আশা কৰা হৈছে। কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি অলিম্পিকত পদক লাভ কৰাসকলক অসম লোক সেৱা আয়োগৰ চাকৰিত মকৰল কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক হেলথ্ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই আঁচনিত অনুমোদন দিয়াৰ পিছত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে হেলথ্ কাৰ্ডৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো যিকোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব।

বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকে গাওঁবুঢ়াসকলৰ দৰমহা পূৰ্বৰ ৪২০০ টকাৰ পৰিৱৰ্তে ৬৫০০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা ৯০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত।