NORTHEAST NOW (Assamese)

‘সৌভাগ্য’ আঁচনি মুকলি : ২০১৯ৰ ভিতৰত প্ৰতিটো ঘৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য

January 24, 2018 9:06 am · এন ই নাও নিউজ
সৌভাগ্য আঁচনিখন মুকলি কৰা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

২০১৯ ৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন ঠাইৰ, প্ৰতিখন গাৱঁৰ প্ৰতিটো ঘৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। এই বৃহৎ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে ‘সৌভাগ্য’ নামৰ এখন আঁচনি মুকলি কৰিছে।

২৩ জানুৱাৰিত গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত এই ‘সৌভাগ্য’ নামৰ আঁচনিখন ‘প্ৰধান মন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা’ৰ অধীনত শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) আৰ কে সিঙে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাসকে ধৰি কেইবাগৰাকীও বিধায়কো উপস্থিত আছিল। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় যে সমগ্ৰ ভাৰতৰ ১৯ হাজাৰখন গাঁৱৰ ১৭ হাজাৰ গাঁৱত ইতিপূৰ্বে বিজুলী সংযোগ সম্পূৰ্ণ হৈছে। এতিয়া বাকী যি দুহেজাৰখন গাঁও আছে তাত ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰতে বিজুলী সংযোগৰ কাম সম্পূৰ্ণ হ’ব। তেওঁ ‘বিজুলী’ক বিকাশৰ প্ৰতীক বুলি অভিহিত কৰে। অসমৰো প্ৰত্যেকখন গাওঁ, প্ৰত্যেকটো ঘৰলৈ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী সিঙে।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ‘সৌভাগ্য’ আঁচনিৰ অধীনত দুখীয়া লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ লাভ কৰিব। একেদৰে অন্যান্যসকলে মাত্ৰ পাঁচশ টকাতে বিদ্যুৎ সংযোগ পাব। এই ধনো আকৌ হিতাধিকাৰীয়ে একেবাৰতে দিব নালাগে। আনহাতে আঁচনিৰ আধীনত কোনো লোক বাদ পৰিলে চিন্তা কৰিব নালাগে, এটা মেছেজ দিলেই বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে প্ৰগতিৰ পথত আগবাঢ়িছে বুলিও প্ৰশংসা কৰে।

আনহাতে অনুষ্ঠানটোতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৩ খন জিলাৰ ২৬ হাজাৰখন গাঁৱত বিজুলী যোগান ধৰাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে শক্তি খণ্ডত প্ৰায় চৈধ্য হাজাৰ কৰ্মচাৰী আছে। এই কৰ্মচাৰীসকলে যদি সিদ্ধান্ত লয় যে অসমৰ মানুহক ২৪ ঘণ্টাই বিদ্যুৎ দিম, তেন্তে অসম কেতিয়াও অন্ধকাৰত নাথাকিব। এনে পৰিস্থিতিত স্বচ্ছতা,নিষ্ঠা, সততাৰে সকলোকে নিজ কৰ্তব্য কৰি যাবলৈ মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণ কল্যাণৰ হকে বিভিন্ন আঁচনি হাতত লৈ আহিছে। এনে আঁচনিৰ পৰা জনসাধাৰণ যাতে উপকৃত হয়,তাৰ বাবে সকলোৱে টীম আছাম হিচাপে কাম কৰিব লাগিব।

অনুষ্ঠানত অসম চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাসে কয় যে বৰ্তমানো ৰাজ্যত ২৫ লাখ মানুহক বিজুলী দিব পৰা নাই। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত ২০১৯ চনৰ ভিতৰতে প্ৰত্যেক ঘৰ মানুহক বিদ্যুৎ প্ৰদান কৰা হ’ব। অহা ৮ ফেব্ৰুৱাৰিৰ পৰা এনে বিদ্যুৎ সংযোগৰ বাবে পঞ্জীয়নৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰী দাসে কয় যে আৰ্থিকভাৱে পিছপৰা, দৰিদ্ৰ মহিলা,দিব্যাংগসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব বিদ্যুৎ সংযোগ।

Related News