NORTHEAST NOW (Assamese)

স্থানীয় চিকিৎসক-আক্ৰাছুৱে বঙাইগাঁৱত আটক কৰিলে মুন্না ভাই এম বি বি এছক

May 20, 2018 2:14 pm · এন ই নাও নিউজ

বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ এখন ফৰ্মাচীৰ পৰা আজি আক্ৰাছুৱে এগৰাকী মুন্না ভাই এম বি বি এছক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ ফাৰ্মাচীখনত বিগত কেইবামাহ ধৰি ডাঃ ডি ভট্টাচাৰ্য্য নামৰ এজন ভুৱা চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছিল।

কিন্তু স্থানীয় কেইবাগৰাকী চিকিৎসক আৰু আক্ৰাছু সদস্যৰ চিকিৎসকজনৰ ওপৰত সন্দেহ হোৱাত আজি চিকিৎসকজনক সোধ-পোছ কৰাত তেওঁ কোনো চিকিৎসকৰ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰাত লগে লগে চিকিৎসকজনক আৰক্ষীক চমজাই দিয়ে।

প্ৰাপ্ত তথ্য মতে ভুৱা চিকিৎসকজনে একাধিক ডিগ্ৰী প্ৰদৰ্শন কৰিলেও ডিগ্ৰী সমূহ সম্পূৰ্ণ ভুৱা বুলি স্থানীয় চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ বঙাইগাঁও শাখাৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷

আনহাতে স্থানীয় সচেতন লোকে এগৰাকী ভুৱা চিকিৎসকে সাধাৰণ ৰাইজক আভুৱা ভাঁৰি তথা মানৱ জীৱনক লৈ হেতালি খেলা কাৰ্যক তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্তশাস্তি প্ৰদান কৰাৰ দাবী জনায়।

Related News