ভূতাত্বিক উদ্ঘাটন আৰু খনিজ দ্ৰব্য আৱিষ্কাৰৰ বাবে দায়িত্ব লাভ কৰা ভাৰত চৰকাৰৰ আনৱিক শক্তি বিভাগৰ আটাইতকৈ প্ৰাচীন গোট উদ্ঘাটন আৰু গৱেষণাৰ হকে আনৱিক খনিজ সঞ্চালকালয়ে ( Atomic Minerals Directorate for Exploration and Research, চমুকৈ AMD) মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত ইউৰেনিয়াম সমৃদ্ধ খনিজ দ্ৰব্যৰ সন্ধানত আৰম্ভ কৰা উদ্ঘাটনমূলক খনন কাৰ্য স্থগিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।
আজি খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদে তলব কৰি মাতি নিয়াৰ পাছত আনৱিক খনিজ সঞ্চালকালয়ৰ মাণ্ডলিক সঞ্চালক সন্দীপ হেমিল্টনে এই কথা ঘোষণা কৰিছে।
আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াসকলে খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ খনি আৰু খনিজ দ্ৰব্যৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য লটিপ্লাং খাৰকংগৰক সাক্ষাত কৰে।
হেমিল্টনে সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে, ‘‘ আনৱিক খনিজ সঞ্চালকালয় ইউৰেনিয়াম খননৰ সৈতে জড়িত নহয়। বিভাগৰ দৃষ্টিভংগী হৈছে এই যে আমি জনতাৰ মানসিকতাক শ্ৰদ্ধা কৰোঁ আৰু আমি ৰাজ্যখনৰ সৈতে সহমত। জনগণৰ সন্মতি অবিহনে আমি খনন কাৰ্য নকৰোঁ।‘’
হেমিল্টনে কয়, ”উদ্ঘাটন আৰু গৱেষণাৰ হকে আনৱিক খনিজ সঞ্চালকালয় ” হৈছে এটা উদ্ঘাটন এজেঞ্চি। আমি অকল ইউৰেনিয়ামেই নহ.য় আন আন খনিজ দ্ৰব্যৰ ওপৰতো গৱেষণা চলাওঁ। খনন অন্য এটা এজেঞ্চিয়ে সম্পন্ন কৰে। আনৱিক খনিজ সঞ্চালকালয়ে আনৱিক খনিজৰ সন্ধান কৰাৰ বাবে জনমত লাভ কৰিছে খননৰ বাবে নহয়।”
তেওঁ কয় যে ভূপৃষ্ঠৰ তলৰ পৰা নমুনা সংগ্ৰহৰ উদ্দেশ্যে জুনৰ ২৫ তাৰিখে আনৱিক খনিজ সঞ্চালকালয়ে ৱাহকাজিত উপস্থিত হোৱাৰ পাছত আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াসকলক আক্ৰমণ কৰা হৈছিল আৰু যন্ত্ৰপাতি জুই লগাই নষ্ট কৰা হৈছিল।
”আমি গৱেষণাগাৰত আনুবীক্ষণিক অধ্যয়ন, বিশ্লেষণ আদি কৰাৰ বাবে নমুনা সংগ্ৰহৰ বাবে ২০-৩০ মিটাৰ গভীৰতাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা কৰিছিলোঁ। এয়া ইউৰেনিয়াম কৰ্প’ৰেশ্যন অব ইণ্ডিয়াৰ বিষয়া বুলি আমাকজনসাধাৰণে ভুল বুজিলে। আমি কেবল কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা বিজ্ঞানী।” বেনাৰ্জিয়ে কয়।
মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত ইউৰেনিয়াম সমৃদ্ধ খনিজ দ্ৰব্যৰ সন্ধানত উদ্ঘাটনমূলক খনন কাৰ্য সম্পন্ন কৰাৰ বাবে আনৱিক খনিজ সঞ্চালকালয়ক প্ৰদান কৰা অনুমতিৰ বিষয়ে প্ৰশ্ন কৰাত আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াবৰ্গই কয় যে আনৱিক খনিজ সঞ্চালকালয় হৈছে এটা সৰ্বভাৰতীয় সংস্থা আৰু ভাৰতৰ বিভিন্ন ৰাজ্য আৰু স্থানত এনেধৰণৰ উদ্ঘাটনমূলক কাৰ্য কৰি আহিছে।
তেওঁ আৰু কয়,”আমাৰ বাৰ্ষিক ক্ষেত্ৰ ঋতুকালীন কাৰ্যসূচী আছে আৰু আমাৰ বিভাগে যি যি এলেকাত উদ্ঘাটন হয়, সেই সেই এলেকাৰ ৰাজ্যৰ মুখ্য সচিবক এই সম্পৰ্কে অৱগত কৰে। যদি আমাক কোনো সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি জিলা প্ৰশাসনৰ কাষ চাপোঁ। আমি কেইবা বছৰ ধৰি এই কাম কৰি আহিছোঁ আৰু এনে ধৰণৰ ঘটনা যে ঘটিব পাৰে তাক জনা নাছিলোঁ।”
হেমিল্টনে কয় যে যিহেতু তেওঁলোকে খনন কাৰ্য সম্পন্ন নকৰে সেয়েহে আনৱিক শক্তি আইন, ১৯৬২ অনুসৰি ভাৰতৰ যিকোনো স্থানতে ভূমিৰ তলত বা ওপৰত কোনো নমুনা সংগ্ৰহ কৰাৰ বাবে তেওঁলোকে স্থানীয় ভূস্বামীৰ অনুমতি ল’ব লাগে।
এই বিষয়ত আনৱিক খনিজ সঞ্চালকালয়ে মাওথাবাহ গাঁৱৰ গাঁওবুঢ়াৰ পৰা চলিত বৰ্ষৰ এপ্ৰিলৰ ৪ তাৰিখে এই এলেকাত ইউৰেনিয়ামৰ উদ্ঘাটনমূলক বিন্ধা কৰাৰ বাবে এখন অনুমতি পত্ৰ লাভ কৰিছিল। আনৱিক খনিজ সঞ্চালকালয়ক এই পত্ৰ যোগে উদ্ঘাটনমূলক বিন্ধা কৰাৰ বাবে ভূমি প্ৰদান কৰাৰো আশ্বাস দিয়া হৈছিল।
এই পত্ৰখনত কোৱা হৈছে, ”আমি আনৱিক খনিজ সঞ্চালকালয়ক ৰচদপাতিৰে সহায়তা কৰিবলৈ আৰু সহযোগিতা কৰিবলৈ প্ৰস্তুত।”
অৱশ্যে হেমিল্টনে জনাইছে যে জুলাইৰ ২৫ তাৰিখৰ ঘটনাৰ পাছত সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে।
”এতিয়াৰ পৰা মেঘালয়ত আৰু কোনো কাম নকৰোঁ। আমি মেঘালয়ত কাম বন্ধ কৰিছোঁ। জনসাধাৰণৰ মানসিকতা আৰু পৰিস্থিতি দেখাৰ পাছত আমি সচেতনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অন্য ৰাজ্যত এই বিষয়ক অনুসন্ধান কৰিম যদিও মেঘালয়ত আমাৰ সকলো অভিযান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।” হেমিল্টনে ঘোষণা কৰে।