• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

স্থানীয় লোকৰ প্ৰৱল বাধা : মেঘালয়ত ইউৰেনিয়ামৰ খনন স্থগিত কৰিলে উদ্ঘাটনকাৰী সংস্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 8:55 pm
AMD1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূতাত্বিক উদ্ঘাটন আৰু খনিজ দ্ৰব্য আৱিষ্কাৰৰ বাবে দায়িত্ব লাভ কৰা ভাৰত চৰকাৰৰ আনৱিক শক্তি বিভাগৰ আটাইতকৈ প্ৰাচীন গোট উদ্ঘাটন আৰু গৱেষণাৰ হকে আনৱিক খনিজ সঞ্চালকালয়ে ( Atomic Minerals Directorate for Exploration and Research, চমুকৈ AMD) মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত ইউৰেনিয়াম সমৃদ্ধ খনিজ দ্ৰব্যৰ সন্ধানত আৰম্ভ কৰা  উদ্ঘাটনমূলক খনন কাৰ্য স্থগিত কৰাৰ সিদ্ধান্ত  ঘোষণা কৰিছে।

আজি খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদে তলব কৰি মাতি নিয়াৰ পাছত আনৱিক খনিজ সঞ্চালকালয়ৰ মাণ্ডলিক সঞ্চালক সন্দীপ হেমিল্টনে এই কথা ঘোষণা কৰিছে।

Apply Now

আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াসকলে খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ খনি আৰু খনিজ দ্ৰব্যৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য লটিপ্লাং খাৰকংগৰক সাক্ষাত কৰে।

হেমিল্টনে সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে, ‘‘ আনৱিক খনিজ সঞ্চালকালয় ইউৰেনিয়াম খননৰ সৈতে জড়িত নহয়। বিভাগৰ দৃষ্টিভংগী হৈছে এই যে আমি জনতাৰ মানসিকতাক শ্ৰদ্ধা কৰোঁ আৰু আমি ৰাজ্যখনৰ সৈতে সহমত। জনগণৰ সন্মতি অবিহনে আমি খনন কাৰ্য নকৰোঁ।‘’

হেমিল্টনে কয়,  ”উদ্ঘাটন আৰু গৱেষণাৰ হকে আনৱিক খনিজ সঞ্চালকালয় ” হৈছে এটা উদ্ঘাটন এজেঞ্চি। আমি অকল ইউৰেনিয়ামেই নহ.য় আন আন খনিজ দ্ৰব্যৰ ওপৰতো গৱেষণা চলাওঁ। খনন অন্য এটা এজেঞ্চিয়ে সম্পন্ন কৰে। আনৱিক খনিজ সঞ্চালকালয়ে আনৱিক খনিজৰ সন্ধান কৰাৰ বাবে জনমত লাভ কৰিছে খননৰ বাবে নহয়।”

তেওঁ কয় যে ভূপৃষ্ঠৰ তলৰ পৰা নমুনা সংগ্ৰহৰ উদ্দেশ্যে জুনৰ ২৫ তাৰিখে আনৱিক খনিজ সঞ্চালকালয়ে  ৱাহকাজিত  উপস্থিত হোৱাৰ পাছত আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াসকলক আক্ৰমণ কৰা হৈছিল আৰু যন্ত্ৰপাতি জুই লগাই নষ্ট কৰা হৈছিল।

”আমি গৱেষণাগাৰত আনুবীক্ষণিক অধ্যয়ন, বিশ্লেষণ আদি কৰাৰ বাবে নমুনা সংগ্ৰহৰ বাবে ২০-৩০ মিটাৰ গভীৰতাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা কৰিছিলোঁ। এয়া ইউৰেনিয়াম কৰ্প’ৰেশ্যন অব ইণ্ডিয়াৰ বিষয়া বুলি আমাকজনসাধাৰণে ভুল বুজিলে। আমি কেবল কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা বিজ্ঞানী।” বেনাৰ্জিয়ে কয়।

মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত ইউৰেনিয়াম সমৃদ্ধ খনিজ দ্ৰব্যৰ সন্ধানত  উদ্ঘাটনমূলক খনন কাৰ্য সম্পন্ন কৰাৰ বাবে আনৱিক খনিজ সঞ্চালকালয়ক প্ৰদান কৰা অনুমতিৰ বিষয়ে প্ৰশ্ন কৰাত আনৱিক খনিজ সঞ্চালকালয়ৰ বিষয়াবৰ্গই কয় যে আনৱিক খনিজ সঞ্চালকালয় হৈছে এটা সৰ্বভাৰতীয় সংস্থা আৰু ভাৰতৰ বিভিন্ন ৰাজ্য আৰু স্থানত এনেধৰণৰ উদ্ঘাটনমূলক কাৰ্য কৰি আহিছে।

uranium-pic-570x320

তেওঁ আৰু কয়,”আমাৰ বাৰ্ষিক ক্ষেত্ৰ ঋতুকালীন কাৰ্যসূচী আছে আৰু আমাৰ বিভাগে যি যি এলেকাত উদ্ঘাটন হয়, সেই সেই এলেকাৰ ৰাজ্যৰ মুখ্য সচিবক এই সম্পৰ্কে অৱগত কৰে। যদি আমাক কোনো সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি জিলা প্ৰশাসনৰ কাষ চাপোঁ। আমি কেইবা বছৰ ধৰি এই কাম কৰি আহিছোঁ আৰু এনে ধৰণৰ ঘটনা যে ঘটিব পাৰে তাক জনা নাছিলোঁ।”

হেমিল্টনে কয় যে যিহেতু তেওঁলোকে খনন কাৰ্য সম্পন্ন নকৰে সেয়েহে আনৱিক শক্তি আইন, ১৯৬২ অনুসৰি ভাৰতৰ যিকোনো স্থানতে ভূমিৰ তলত বা ওপৰত কোনো নমুনা সংগ্ৰহ কৰাৰ বাবে তেওঁলোকে স্থানীয় ভূস্বামীৰ অনুমতি ল’ব লাগে।

এই বিষয়ত আনৱিক খনিজ সঞ্চালকালয়ে মাওথাবাহ গাঁৱৰ গাঁওবুঢ়াৰ পৰা চলিত বৰ্ষৰ এপ্ৰিলৰ ৪ তাৰিখে এই এলেকাত ইউৰেনিয়ামৰ উদ্ঘাটনমূলক বিন্ধা কৰাৰ বাবে এখন অনুমতি পত্ৰ লাভ কৰিছিল। আনৱিক খনিজ সঞ্চালকালয়ক এই পত্ৰ যোগে উদ্ঘাটনমূলক বিন্ধা কৰাৰ বাবে ভূমি প্ৰদান কৰাৰো আশ্বাস দিয়া হৈছিল।

এই পত্ৰখনত কোৱা হৈছে, ”আমি আনৱিক খনিজ সঞ্চালকালয়ক ৰচদপাতিৰে সহায়তা কৰিবলৈ আৰু  সহযোগিতা কৰিবলৈ প্ৰস্তুত।”

অৱশ্যে হেমিল্টনে জনাইছে যে জুলাইৰ ২৫ তাৰিখৰ ঘটনাৰ পাছত সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে।

”এতিয়াৰ পৰা মেঘালয়ত আৰু কোনো কাম নকৰোঁ। আমি মেঘালয়ত কাম বন্ধ কৰিছোঁ। জনসাধাৰণৰ মানসিকতা আৰু পৰিস্থিতি দেখাৰ পাছত আমি সচেতনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অন্য ৰাজ্যত এই বিষয়ক অনুসন্ধান কৰিম যদিও মেঘালয়ত আমাৰ সকলো অভিযান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।” হেমিল্টনে ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd