স্পাইচ জেটৰ এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্রস্তাৱিত প্ৰকল্প : উপকৃত হ’ব কাজিৰঙাৰ দেশী-বিদেশী পৰ্যটক

এয়াৰ ক্ৰাফট

এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্ৰস্তাৱিত প্ৰকল্প সম্পৰ্কে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা প্ৰশাসনৰে সৈতে বায়ুসেনা প্ৰাধিকৰণৰ উচ্চস্তৰীয় দলৰ বৈঠক। ফটো : উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে বোকাখাতৰ ধনশিৰি মুখ আৰু মাজুলীত দেশৰ ভিতৰতে প্ৰথমবাৰলৈ চলিব স্পাইচ জেট নামৰ কোম্পানীটোৰ অত্যাধুনিক এম্ফিবিয়াচ এয়াৰ ক্ৰাফট ৷ এই এয়াৰ ক্ৰাফট পানী আৰু মাটি দুয়ো স্থানতে নামিব আৰু উৰিব পাৰে ৷

এম্ফিবিয়াচ এয়াৰ ক্ৰাফট জাপানত নিৰ্মাণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণত  কালি ভাৰতীয় বিমানসেৱাৰ উচ্চ পদস্থ বিষয়াৰ লগতে বায়ু সেৱা প্ৰধিকৰণৰ  বিভিন্ন উচ্চ স্তৰীয় এক বিশেষজ্ঞ আৰু স্পাইচ জেট কোম্পানীৰ বিষয়াৰ এটা দলে  মাজুলীৰ লগতে বোকাখাতৰ ধনশিৰিমুখৰ নদী বন্দৰ উপযোগী ঠাই পৰিদৰ্শন কৰে।

এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্ৰস্তাৱিত প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত বায়ুসেনা প্ৰাধিকৰণৰ উচ্চস্তৰীয় দলৰ সদস্যসকল। ফটো : উত্তম শইকীয়া

দলটোৰ লগত অসম চৰকাৰৰ জলসম্পদ বিভাগ, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামেও ধনশিৰিমুখৰ নদী বন্দৰ অঞ্চল পৰিদৰ্শন কৰে ৷

ধনশিৰি মুখ পৰিদৰ্শনৰ শেষত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় উচ্চ পদস্থ বিষয়াৰ এই দলটো ৷ ধনশিৰিমুখ অঞ্চল পৰিদৰ্শন কৰি স্পাইচ জেট আৰু বায়ু সেৱা প্ৰাধিকৰণৰ উচ্চ স্থৰীয় দলটোয়ে সন্তোষ প্ৰকাশ কৰে ৷ ধনশিৰিমুখৰ প্ৰাকৃতিক শোভাইও মুগ্ধ কৰে দলটোক ৷

স্পাইচ জেটৰ এই বিলাসী প্ৰকল্পই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ অহা বিশ্বৰ পৰ্যটকক বিশেষ সুবিধা প্ৰদান কৰিব আৰু ধনশিৰিমুখত এনে এটা ক্ষুদ্ৰ বিমান বন্দৰ নিৰ্মাণৰ ক্ষেত্ৰত স্থান পৰিদৰ্শনৰ বাবে অহা এই দলটো খুবেই আশাবাদী বুলি জনায় গোলাঘাটৰ উপায়ুক্তক ৷

এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ বাবে প্ৰয়েজনীয় জল ধাৰা আৰু বছৰ জুৰি থকা পানীৰ গভীৰতা ধনশিৰিমুখত থকাৰ বাবেই ক্ষেত্ৰ পৰিদৰ্শনত অহা দলটোৱেও সন্তোষ প্ৰকাশ কৰিছে।