NORTHEAST NOW (Assamese)

স্বচ্ছ ভাৰতৰ অংশ হিচাপে লাঙটিঙৰ বিভিন্ন অঞ্চলত চাফাই অভিযান

May 16, 2018 3:05 pm · পংকজ কুমাৰ দেৱ
Updated: May 16, 2018 4:00 pm

নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই লাঙটিঙ মহিলা সমিতিৰ উদ্যোগত লাঙটিঙৰ বিভিন্ন ঠাইত চলোৱা হয় চাফাই অভিযান। লাঙটিঙ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলো চৌহদ আৰু খাদি কেন্দ্ৰত স্থানীয় মহিলা নেত্ৰী ৰিঙমিলা হোজাইৰ নেতৃত্বত এই  চাফাই অভিযান চলোৱা হয়।

বিগত কেইবা বছৰ ধৰি লাঙটিঙৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলো পৰিত্যক্ত অৱস্থাত আছিল। এনে পৰিস্থিতিত স্থানীয় মহিলা গোটে লাঙটিঙ হাইস্কুল পথত থকা বাংলো চৌহদত চাফাই অভিযান চলায়। এই চাফাই অভিযানত অঞ্চলটোৰ অৰ্ধশতাধিক মহিলাই অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে ভাৰতীয় সেনাই বহু বছৰ উক্ত পৰিদৰ্শন বাংলোটো শিবিৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল। কিন্তু সেনাই শিবিৰটো এৰি দিয়াৰ পাছত বিভাগীয় কৰ্তৃপক্ষই বাংলোটো সম্পৰ্কে তেনেধৰণৰ কোনো গুৰুত্ব আৰোপ কৰা নাই। যাৰ কাৰনে বাংলোটোৰ চৌপাশে জংঘলে আৱৰি ধৰে। আৰু সেই উদ্দেশ্যে মহিলাসকলে এই চাফাই কাৰ্যসূচী লয়।

আনহাতে খাদি কেন্দ্ৰ চৌহদতো মহিলাসকলৰ দ্বাৰা চাফাই অভিযান চলোৱা হয়।

উক্ত চাফাই অভিযানৰ গুৰি ধৰোতা তথা মহিলা নেত্ৰী ৰিঙমিলা হোজাইয়ে কয় ‘ লাঙটিঙ মহিলা সমিতিয়ে গ্ৰহণ কৰা চাফাই অভিযান এয়া প্ৰথম নহয়। ইয়াৰ আগতেও আমি চাফাই অভিযানত অংশ লৈছো। কাৰণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানত অধিক গুৰুত্ব দিছে আৰু প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ অংগ হিচাপে আমি এই অভিযান আৰম্ভ কৰিছো।‘

ইয়াৰ উপৰি তেওঁ কয় যে সাধাৰন ৰাইজৰ মাজত স্বচ্ছতাৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে আমি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰো।

Related News