নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মজতে আজি বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত এবিএমছুয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতিৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপিও দাহ কৰে।
এবিএমছুৰ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰাৰ ফলত পথৰ ওপৰত কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। বহু সময় ধৰি সাধাৰণ জীৱন-যাত্ৰা ব্যহত হৈ পৰে আৰু প্ৰতিবাদকাৰীসকলে বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল কৰক আদি শ্ল’গান দিয়ে। সদৌ বড়োলেণ্ড সংঘ্যালঘু ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ বিটিএডিৰ ভিতৰত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ওলাই অহা সংগঠনসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে।
বিটিএডিত এবিএমছুৰ এক বিশাল গণ ভিত্তি আছে। ইয়াৰ নেতা লাফিকুল ইছলামক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ পিছত সংগঠনটোৱে বিশেষ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাছিল যদিও আজি পুনৰ শক্তি প্ৰদৰ্শনেৰে ৰাজপথলৈ অহা দেখা গ’ল।