স্বাস্থ্যখণ্ড আৰু পথ-যোগাযোগ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মাজুলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma

মাজুলী জিলাৰ স্বাস্থ্য সেৱাখণ্ড আৰু পথ-যোগাযোগ ব্যৱস্থা পৰ্যালোচনাৰ বাবে আজি অসম চৰকাৰৰ অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হয়।

আজি পুৱা ১১ বজাত নিমাতিঘাট হৈ মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে ১২ বজাত গড়মূৰস্থিত গড়কাপ্তানী (পথ) উপ সংমণ্ডল চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাজ্যিক গড়কাপ্তানী বিভাগৰ নৱতম সংমণ্ডল ‘মাজুলী পথ সংমণ্ডল’ৰ শুভ উদ্বোধন কৰে।

ইয়াৰ পিছতে তেওঁ মাজুলীৰ স্বাস্থ্য খণ্ডৰ বুজ লোৱাৰ উদ্দেশ্যে গড়মূৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। ১০০খন বিছনাযুক্ত গড়মূৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ সময়ত তেওঁ তাত থকা ৰোগীসকলৰ সৈতেও কথা পাতে।

তদুপৰি তেওঁ মাজুলীৰ দুই লক্ষ জনগণৰ সুবিধাৰ বাবে শীঘ্ৰেই মাজুলীত জিলা পৰ্যায়ৰ ২০০খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হব বুলি ঘোষণা কৰে । ইয়াৰ উপৰি অহা ১৫ আগষ্টত জেংৰাইমূখ মডেল চিকিৎসালয়খন মুকলি কৰা হ’ব বুলিও তেওঁ জনায় ।

আনহাতে, উক্ত পৰিদৰ্শন কালত তেওঁক চিকিৎসালয়খনত কাম কৰি থকা চাফাই কৰ্মীয়ে কেইবা মাহ ধৰি বেতন নোপোৱাৰ কথা অৱগত কৰাৰ লগতে এগৰাকী চাফাই কৰ্মীয়ে আহি আঁঠু কাঢ়ি মন্ত্ৰী গৰাকীৰ ভৰিত ধৰে।

ইয়াৰ পিছতে তেওঁ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাজুলীৰ স্বাস্থ্য বিভাগ আৰু গড়কাপ্তানী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ লয়।