স্বাস্থ্য, শিক্ষা সকলোতে পিছপৰা ভাৰত! মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৯১ খন দেশৰ ভিতৰত ১৩২

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ মানৱ উন্নয়ন সূচকত ভাৰতে ১৯১ খন দেশৰ ভিতৰত ১৩২ তম স্থান লাভ কৰিছে।

বিগত বৰ্ষতো ভাৰতৰ স্থান বৰ বেছি উন্নত নাছিল। ২০২০ চন ভাৰত মানৱ উন্নয়ন সূচকত ১৮৯ খন দেশৰ ভিতৰত ভাৰতে ১৩১ সংখ্যক স্থানত আছিল । দেশ এখনৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ আদি বিষয়সমূহ সামৰি এনে সূচক নিৰ্ধাৰণ কৰা হয়।ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনে স্বাস্থ্য, শিক্ষা আৰু আয়ৰ ক্ষেত্ৰত ভাৰতৰ লোকসকল যে এতিয়াও পিছপৰি আছে তাকেই সূচাইছে।

এই প্ৰতিবেদনত স্বাস্থ্যৱান জীৱন, শিক্ষাৰ অধিকাৰ আৰু জীৱনধাৰণৰ এক সুন্দৰ মান আদি বিষয়সমূহক মূল বিষয় হিচাবে লৈ চাৰিটা সূচক ব্যৱহাৰ কৰি গণনা কৰা হয় ।

সেই চাৰিটা সূচক হৈছে জন্মৰ সময়ত জীৱনৰ প্ৰত্যাশা, স্কুলীয়া শিক্ষাৰ বছৰ, স্কুলীয়া শিক্ষাৰ প্ৰত্যাশিত বছৰ, আৰু জনমূৰি মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন । মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৯১ খন দেশৰ ভিতৰত ১৩২ হোৱাৰ কথাই ভাৰত যে স্বাস্থ্য, শিক্ষা সকলোতে পিছপৰা সেই কথা পুনৰ বাৰ প্ৰমাণ কৰিছে।