স্বাৱলম্বিতাৰ কামেৰে যদি বজাৰবোৰ দখল কৰিবলৈ সক্ষম হওঁ, তেন্তে এচাম বাংলাদেশী নিজেই গুচি যাব : জিতেন দত্ত

Alochana

যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ বেলতলাস্থিত আৰোগ্ৰেছৰ সভাগৃহত আলোচনাপন্থী আলফাই অনুষ্ঠিত কৰা আলোচনা চক্ৰৰ এটা দৃশ্য।

“অৰ্থনৈতিক স্বাৱলম্বিতাৰ জৰিয়তে যদি বজাৰবোৰ দখল কৰিবলৈ সক্ষম হওঁ তেন্তে এচাম বাংলাদেশী নিজেই গুচি যাব।”

যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ বেলতলাস্থিত আৰোগ্ৰেছৰ সভাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে আলোচনাপন্থী আলফাৰ নেতা জিতেন দত্তই।

আলোচনা চক্ৰৰ অন্তত অসম সুৰক্ষা উন্নয়ন পৰিষদ নামৰ এটা অনুষ্ঠান গঠন কৰা হয় আৰু এই সংগঠনৰ মুখ্য নেতৃত্ব লয় জিতেন দত্ত আৰু মৃণাল হাজৰিকাই।

আনহাতে, উঠি অহা যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাবলম্বিতাৰ দিশত লৈ যোৱাৰ বাবে এই আলোচনা চক্ৰ অনুষ্ঠিত হৈছে বুলি জানিবলৈ দি দত্তই লগতে কয় যে জাতিটোক ৰক্ষা কৰিবৰ বাবে যুৱ শক্তিক ঐক্যবদ্ধ কৰিব লাগে, তেন্তে তেওঁলোকক মাটিৰ সৈতে সম্পৰ্ক কৰাব লাগিব।

তেওঁ লগতে কয়, “অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে কৃষিৰ সৈতে যুৱশক্তিক জড়িত কৰাব পাৰিলে তেতিয়া অসমীয়া জাতিটোৱে মূৰ তুলি জীয়াই থাকিব পাৰিব।”

তাৎপৰ্য্যপূৰ্ণভাৱে আন্দোলন প্ৰতিবাদৰ ফলত অসমৰ কোনো লাভ নহ’ব বুলি সদৰী কৰি তেওঁ কয়, “দীৰ্ঘ সময় ধৰি আমি আন্দোলন-প্ৰতিবাদ আদি কৰিয়েই আছো, আন্দোলন প্ৰতিবাদ কৰিবৰ বাবে হাজাৰ-হাজাৰ যুৱশক্তি ওলাই আহিছে। প্ৰতিবাদৰ বাবে ওলাই অহা যুৱকসকলৰ শক্তিক কেনেকৈ ধৰি ৰাখিব পাৰি, সেই কথা আজিলৈকে কোনেও চিন্তা কৰা নাই।”

তদুপৰি, ৰাজ্যখনত ধাৰাবাহিকভাৱে আন্দোলনসমূহ হৈ আছে যদিও সমাধান নোপোৱাৰ বাবে এতকাংশ যুৱক বহিঃৰাজ্যলৈ চাকৰি বিচাৰি যোৱা বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ তোলে আলোচনাপন্থী আলফা নেতাজনে। তেওঁ কয় “বৰ্তমান যুৱশক্তিয়ে চাৰিওফালে অন্ধকাৰ দেখিছে। তাৰ ফলত কেৰেলা, অন্ধ্ৰ প্ৰদেশ আদিলৈ গৈ কোম্পানীৰ ছিকিউৰিটি গাৰ্ড হৈছেগৈ অসমৰ বহুসংখ্যক যুৱক।”

আনহাতে, উক্ত যুৱকসকলক যদি অসমতে ধৰি ৰাখি অৰ্থনৈতিক ক্ষেত্ৰত নিয়োগ কৰিব পাৰি, তেন্তে জাতিটোৰ কাৰণে ই মংগলদায়ক হ’ব বুলিও তেওঁ কয়।

এন আৰ চিৰ খচৰাৰ পৰা কি সফলতা আহিব নিজেই ভাবি পোৱা নাই বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “এন আৰ চিত বিদেশী বুলি চিনাক্ত হোৱাসকলৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা ল’ব নোৱাৰিব। কাৰণ তেওঁলোকে পুনৰ আইনী প্ৰক্ৰিয়াৰে বিদেশী ন্যায়াধিকৰণৰ ওচৰত গৈ আৱেদন কৰিব পাৰিব। আৱেদন কৰি তেওঁলোক বিদেশী বুলি চিনাক্ত নোহোৱা পৰ্য্যন্ত অসমতে থাকিব। ৩০ বছৰৰ পাছত এন আৰ চি প্ৰক্ৰিয়াৰ জৰিয়তে বহিৰাগতক চিনাক্তকৰণ কৰা হ’ব। কিন্তু এন আৰ চিত নাম নহাসকলে পিছৰ ৩০ বছৰলৈকে এওঁলোক বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব। বাংলাদেশে যদি এই লোকসকলক গ্ৰহণ নকৰো বুলি কয়, তেতিয়া কি হ’ব?”

তেওঁ লগতে ‘কিছুদিন আগলৈকে এন আৰ চিৰ জড়িয়তে জাতিটো সুৰক্ষিত হ’ব বুলি ভাবিছিলি’ বুলি জানিবলৈ দিয়ে যদিও ‘নাম কৰ্তন হোৱাৰ পাছত তেওঁলোকক নাম অন্তৰ্ভুক্তিৰ বাবে সুবিধা দিয়া হ’ব’ বুলি ঘোষণা কৰাৰ পৰা তেওঁৰ ধাৰণা সলনি হ’ল বুলি সংবাদ মাধ্যমত সদৰী কৰে।

‘এন আৰ চিৰ এই ব্যৱস্থাৰ পৰা আমি দোদুল্যমান অৱস্থাত আছো।‘ বুলি মন্তব্য কৰি তেওঁ কয় “সেয়েহে অৰ্থনৈতিক ক্ষেত্ৰত দখল সাব্যস্ত কৰিবৰ বাবে যুৱশক্তিক একত্ৰিত কৰিছো।”

“চৰ-চাপৰিসমূহৰ মাটি যদি অসমৰ খিলঞ্জীয়া যুৱকসকলে দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰে, কৃষি উৎপাদিত সামগ্ৰীৰ বিক্ৰী অসমীয়া ডেকাই কৰে, তেতিয়া আমি কাৰো ওপৰত নিৰ্ভৰ হ’ব লগীয়া নহয়।” দত্তই এইদৰে কয়।

ইয়াৰোপৰি তেওঁ খিলঞ্জীয়া যুৱকসকলক আহ্বান জনাই কয় যে বাহিৰৰ পৰা মাছ, কণী বা অন্যান্য সামগ্ৰীসমূহ অহাটো বন্ধ কৰিবলৈ হ’লে থলুৱাভাৱে সামগ্ৰীসমূহ উৎপাদন কৰাত যুৱ-প্ৰজন্মই গুৰুত্ব দিব লাগিব।

উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত আলোচনাৰ অন্তত আলোচনাপন্থী নেতা জিতেন দত্তৰ নেতৃত্বত ‘অসম সুৰক্ষা উন্নয়ন পৰিষদ’ নামৰ এটা সংগঠনৰ জন্ম দিয়া হয়। বৰ্তমান সংগঠনটোৰ সভাপতি-সম্পাদক ৰখা নাই যদিও কৰ্ণধাৰ কমিটি আৰু আহ্বায়ক কমিটি এখন গঠন কৰি দিয়া হয়।

উক্ত সংগঠনটোৰ কৰ্ণধাৰ সমিতিত অনুপ চেতিয়া, জেব্ৰাৰাম মুছাহাৰী, মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰাণজিৎ শইকীয়া, প্ৰবাল নেওগ, এ কে মহন্তক ৰখা হৈছে। লগতে দৰ্শপ্ৰাণ মান্য হাজৰিকা, মৃদুল বৰপাত্ৰ গোহাঁই, মানস চলিহা আৰু বৈকুণ্ঠ পাঠকক মুখ্য আহ্বায়ক হিচাপে ৰখা হৈছে।