স্বৰ্ণৰাণী হিমা দাসৰ ঘৰত শংকৰ সংঘ-আছাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি

হিমা দাসৰ বাসগহত

স্বৰ্ণৰাণী হিমা দাসৰ ধিঙৰ কান্ধুলীমাৰীৰ বাসগৃহত শংকৰ সংঘৰ প্ৰতিনিধি। ফটো : নৰ্থইষ্ট নাও

ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসী লৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ হিমা দাসৰ জন্মগাঁও ধিঙৰ ৩ নং কান্ধুলিমাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিবেশে।

আনহাতে, দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ নিতৌ আগমণ ঘটিছে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে।

স্বৰ্ণৰাণী হিমা দাসৰ ধিঙৰ কান্ধুলীমাৰীৰ বাসগৃহত আছাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি। ফটো : নৰ্থইষ্ট নাও

আছাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিও উপস্থিত হয় হিমাৰ বাসগৃহত। স্বৰ্ণৰাণী হিমা দাসৰ বাসগৃহত কালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক শৰাই, গামোচাৰে সম্বৰ্ধনা জনায়।

ইপিনে, হিমা দাসৰ বাসগৃহত শনিবাৰে আছাম এডভোকেট ফ’ৰামৰ প্ৰতিনিধি বৰ্গ উপস্থিত হৈ হিমাই কঢ়িয়াই অনা সাফল্যৰ বাবে পিতৃ-মাতৃক অসমীয়াৰ স্বাভিমান গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনায়।

উল্লেখ্য যে, আছাম এডভোকেট ফ’ৰামৰ সভাপতি আব্দুল হাচিম খণ্ডকাৰ, সম্পাদক মতিউৰ ৰহমান প্ৰমুখ্যে নগাঁও-মৰিগাঁ‌ও জিলাৰ বহু কেইগৰাকী অধিবক্তা হিমা দাসৰ ঘৰত উপস্থিত হয়।