সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰাইজে ৰূপায়ন কৰিলে ৬ ঘণ্টীয়া ৰে’ল অৱৰোধ

ৰে'ল অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ধনশিৰি মহকুমাৰ সৰুপথাৰত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰৰ সকলো দল-সংগঠন আৰু ৰাইজৰ সহযোগত ৬ ঘণ্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বাংলাদেশী হুচিয়াৰ, বিজেপি গ’ বেক,  ৰাজনাথ সিং মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰে।

প্ৰতিবাদকাৰী ৰাইজৰ এই অৱৰোধ কাৰ্যসূচীত শতাধিক আৰক্ষী মোতায়ন কৰা হয়। প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিকভাৱে ৰূপায়ন কৰা এই কাৰ্যসূচীত অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

সমগ্ৰ ৰাজ্যতে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি থকা প্ৰতিবাদৰ কাৰ্যসূচীসমূহত অসমৰ বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিছে। ৰাজ্যখনৰ জাতীয়তাবাদী দল-সংগঠনৰ লগতে জনগোষ্ঠীয় সংগঠনসমূহেও বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

আজি সৰুপথাৰৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাইও জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত সৰুপথাৰৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজেও আজিৰ এই অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।