সৰ্বাধিক পুছ-আপৰ বিশ্ব অভিলেখ স্থাপনৰ দিশে লেন্স নায়ক দেশ দীপক

Guines Record

লেণ্ড মাইনৰ দ্বাৰা ভয়ানকভাৱে আঘাত-প্ৰাপ্ত হোৱাৰ পিছতো একান্ত নিজৰ প্ৰৱল ইচ্ছাশক্তিৰ বলত নিজকে শাৰীৰিক আৰু মানসিকভাৱে পুনৰাই উজ্জীৱিত কৰাৰ এক বিৰল উদাহৰণ হৈ দেখা দিছে ভাৰতীয় সেনা বাহিনীৰ এজন সাহসী সৈনিকে। তেওঁৰ নাম দেশ দীপক। ভাৰতীয় সেনাবাহিনীৰ লেন্স নায়ক দেশ দীপক নামৰ এই সৈনিকজনে শেহতীয়াভাৱে গিনিজ বুক অব ৱৰ্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰাৰ দিশত আগবাঢ়িছে।

১৫ জাট ৰেজিমেণ্টৰ সৈনিক হিচাপে পুনচ ছেক্টৰত নিয়োজিত হোৱা সময়ত দেশ দীপক ভয়ানকভাৱে আক্ৰান্ত হৈছিল লেণ্ড মাইনৰ দ্বাৰা। কিন্তু আক্ৰান্ত হোৱাৰ পিচতেই প্ৰৱল ইচ্ছাশক্তিৰ পৰিচয় দি দীপকে নিজকে শাৰীৰিক আৰু মানসিকভাৱে নিজকে উত্তৰণ ঘটালে।

দেশ দীপকে এখন ভৰি ওপৰলৈ তুলি আৰু ৪০ পাউণ্ড (প্ৰায় ২০ কেজি) ওজন বহন কৰি পুছ-আপৰ এটা অভিলেখ স্থাপন কৰিছে। তেওঁ স্থাপন কৰা শেহতীয়া অভিলেখ কেইটামান হৈছে চলিত বছৰৰ জানুৱাৰি মাহত এক মিনিটত ৫১টা পুছ-আপ কৰি এছিয়া বুক অব ৰেকৰ্ডছত অভিলেখ স্থাপন কৰে।

আজি বাক্সা জিলাৰ বৰমাত লেন্স নায়ক দেশ দীপকে নিজৰ অসমান্য শাৰীৰিক মানসিক যোগ্যতাৰ পৰিচয় দাঙি ধৰি যথাৰ্থতে নিজৰ নামেৰে দেশক দীপ্তিমান কৰি তুলিলে।

বিচাৰক পেনেলত আছিল ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ সভাপতি পৱন ছোলাংকি আৰু সুৰুমণি দলে। লেন্স নায়ক দেশ দীপকৰ ৪০ পাউণ্ড ওজনসহ ৫৫টা পুছ-আপৰ সফলতাত ইউনাইটেড আৰব এমিৰাইটছৰ জাৰছিজ ৰাছিদৰ ২০১৭ৰ আগষ্টত গঢ়া ৪৯ টা পুছ-আপৰ অভিলেখ ভংগ হয়।

অসমৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল পি খংছায়ে সদৰি কৰিছে যে দীপকৰ এই সফলতাৰ প্ৰত্যক্ষদৰ্শী আছিল ১০৭ মাউণ্টেইন ব্ৰিগেডৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ গৌৰৱ ঋষি এছ চি,  এছ এম  আৰু বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু ভালেকেইজন বিশিষ্ট অসামৰিক ব্যক্তি উপস্থিত আছিল।