সৰ্বানন্দ সোণোৱালে ‘জয় আই অসম’ পাহৰি ‘ভাৰত মাতা কি জয়’ ধ্বনিহে দিয়ে : অখিল গগৈ

24-06-18 Makum- Akhil Gogoi- KMSS Mass Protest (6)

মাকুমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত গণ সমাৱেশত ভাষণ দিছে কৃষক নেতা অখিল গগৈয়ে। ফটো : ইউ বি

‘জাতীয়তাবাদী ছাত্ৰ নেতা সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ পিছত জয় আই অসম শ্ল’গান দিবলৈ পাহৰিলে কিয়। সৰ্বানন্দ সোণোৱালে আজিকালি সভাই সমিতিয়ে ভাৰত মাতা কি জয় ধ্বনিহে কিয় দিয়ে।‘ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে। দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত অনুষ্ঠিত এখন গণ সমাৱেশত অখিল গগৈয়ে এই মন্তৱ্য কৰে।

যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ পিছত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত এখন গণ সমাবেশ অনুষ্ঠিত কৰে। নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে আয়োজন কৰা গণ সমাৱেশত কেইবাহাজাৰ লোক সমবেত হয়।

অসমৰ ২২টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সমাবেশ অনুষ্ঠিত  হয়। মাকুম আঞ্চলিক মৰাণ সভাৰ সভাপতি কুসুম্বৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গণ সমাবেশখনত জাতি-জনগোষ্ঠীসমূহৰ হাজাৰ হাজাৰ লোক উপস্থিত থাকে।

মাকুমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ মূহূৰ্ত। ফটো : ইউ বি

জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে মাকুম চহৰ উত্তাল কৰি তোলে। কেইবা সহস্ৰাধিক লোকে জয় আই অসম, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ আদি ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তোলে।

গণ সমাৱেশত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে কয় যে অসমৰ ৰাইজে কোনো কালে যে এই বিধেয়ক গৃহীত হ’ব নিদিয়ে তাকেই আজি প্ৰমাণ কৰিলে।  সৰ্বানন্দ সোণোৱালৰ মুখত সোপা দিছে কোনে? গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে সংগ্ৰামত জৰিত থকা আছুৰ প্ৰাক্তন সভাপতিজনে বিজেপি দললৈ গৈ এতিয়া বিদেশীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা হ’ল কিয়? তেওঁ থকা দলটোৰে নেতা হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হিন্দু বাংলাদেশীৰ হৈ কিয় ওকালতি কৰে? এইদৰে বিজেপি, আৰ এছ এছে অসমীয়া জাতীয়তাবাদক নিঃশেষ কৰিবলৈ চক্ৰান্ত কৰিছে। অসমীয়া জাতিৰ ওপৰত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ জাপি দিব খুজিছে।

হিন্দু ৰাষ্ট্ৰ গঠনৰ দুঃস্বপ্ন দেখি অসমলৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আমদানি কৰিব খুজিছে। অসমৰ থলুৱা জনগোষ্ঠীসমূহে ভোট নিদিয়াকৈ কেৱল হিন্দু বাংলাদেশীৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পৰিকল্পনাৰে স্থায়ী ভোটবেংক স্থাপনৰ চক্ৰান্তত লিপ্ত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খুজিছে। দিল্লী বিৰোধী অসমীয়া জাতীয়তাবাদক দুৰ্বল কৰাৰ চক্ৰান্তত লিপ্ত হৈছে চৰকাৰ। আটাইতকৈ ডাঙৰ কথা বিজপিত যোগদান কৰি অনেক অসমীয়া জাতীয়তাবাদীয়ে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে,’-এইদৰে মাকুমত সৰৱ হৈ পৰে অখিল গগৈ।

কৃষক নেতাগৰাকীয়ে লগতে কয় যে সৰ্বানন্দ সোণোৱালে জাতিৰ স্বাৰ্থ যেনেকৈ ত্যাগ কৰিছে, তাতোকৈ নিৰ্লজ্জ ভাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে দিল্লী আৰু নাগপুৰৰ দালালিত নামিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ চিৰদিনৰ কাৰণে লুপ্ত হ’ব। বিধেয়কখন গৃহীত হ’লে অসমীয়া জাতিয়ে মাটি বা সংস্থাপনৰ অধিকাৰটো হেৰুৱাবই, আটাইতকৈ ডাঙৰ কথা অসমীয়া ভাষা অস্তিত্বৰ সংকটত ভুগিব।

সমাৱেশত অংশগ্ৰহণ কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰানে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাবই লাগিব বুলি দাবী কৰে। তেওঁ কয় যে বিজেপি চৰকাৰ বিশ্বাসঘাতকৰ চৰকাৰ, এই চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিলে।

আনহাতে, চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা বিজয় তাঁতী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, জাতীয় মহিলা পৰিষদৰ সভানেত্রী মায়াৰাণী গগৈ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলা সম্পাদক পৰাগ কুমাৰ বৰা আদি নেতাই সমাৱেশত ভাষণ দি নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে সকলোকে ঐক্যৱদ্ধভাৱে সংগ্ৰামত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।