NORTHEAST NOW (Assamese)

হত্যাৰ জামিনবিহীন গোচৰত ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ নকৰি বিজেপি চৰকাৰে দিছে সুৰক্ষা : অনিল ৰাজা

April 8, 2018 11:31 pm · এন ই নাও নিউজ

‘জামিনবিহীন গোচৰত অভিযুক্ত হোৱাৰ পিছতো ৰকিবুল হুছেইন মুকলিকৈ ঘূৰি ফুৰিছে’ বুলি অভিযোগ কৰি বহিষ্কৃত কংগ্ৰেছ নেতা অনিল ৰাজাই আজি ৮ এপ্ৰিলত দাবী কৰে যে বৰ্তমানৰ বিজেপি চৰকাৰে ৰকিবুল হুছেইনক সুৰক্ষা দিছে।

‘ডি এছ পি শংকৰ প্ৰসাদ নাথৰ হত্যাত ৰকিবুল হুছেইন জড়িত আছে’ বুলি দাবী কৰি ৰাজাই প্ৰশ্ন তোলে ‘বিজেপিয়ে ৰকিবুলক সুৰক্ষা দিছে। গতিকে মই বিজেপি এজেণ্ট নে ৰকিবুল বিজেপি এজেণ্ট?’

ৰকিবুল হুছেইনে ৰাজাক বিজেপিৰ এজেণ্ট বুলি পূৰ্বে অভিযোগ কৰিছিল।

উল্লেখযোগ্য যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তোলাৰ পিছত প্ৰদেশ কংগ্ৰেছে দিয়া কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ পিছত দলৰ পৰা ৰাজাক বহিষ্কাৰ কৰা হৈছিল।

আনহাতে মেঘালয়ৰ নংপোত ৰকিবুলে জেহাদী গোটৰ প্ৰশিক্ষণ দিছিল বুলি নংপোৰ ৰজাই মেঘালয়ৰ কৰ্তৃপক্ষক চিঠি দিছিল বুলিও ৰাজাই বিস্ফোৰক অভিযোগ কৰে।

তেওঁ লগতে অভিযোগ কৰে যে ‘নংপোৰ পৰা ৰকিবুলে ইউৰেনিয়াম, গাঞ্জা, গঁড় খৰ্গৰো চোৰাং সৰবৰাহ কৰে।’

Related News