NORTHEAST NOW (Assamese)

হাইলাকান্দিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে বাহিৰ কৰা সমদলত প্ৰতিবাদকাৰীক শিলগুটিৰে আক্ৰমণ দুষ্কৃতিকাৰীৰ

May 15, 2018 11:32 am · এন ই নাও নিউজ

সোমবাৰে হাইলাকান্দিত আছুৱে নাগৰিকত্ব সংশোধন বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বাহিৰ কৰা জোঁৰ সমদলৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই সমদলত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰী সকললৈ শিলগুটি নিক্ষেপ কৰে।

উল্লেখযোগ্য যে সংগঠনটোৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চহৰখনত বাহিৰ কৰা প্ৰতিবাদী সমদলটো শান্তিপূৰ্ণভাৱে চলি আছিল যদিও সমদলটো কালিবাৰীত উপস্থিত হোৱাৰ সময়তে কোনো অচিনাক্ত দুৰ্বৃত্তই প্ৰতাবাদকাৰী সকলক উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

আনহাতে দুষ্কৃতিকাৰীৰ আক্ৰমণত সংগঠনটোৰ এজন সদস্য গুৰুত্বপূৰ্ণভাৱে আহত হয় আৰু তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে ঘটনা সংঘটিত কৰি দুষ্কৃতিকাৰী ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়।

আছুৰ সভাপতি দীপাংকৰ নাথে কয় যে ‘দুষ্কৃতিকাৰীয়ে আমাৰ ওপৰত প্ৰহাৰ কৰিলেও আমি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে চলোৱা প্ৰতিবাদ কোনো কাৰণতে বন্ধ নকৰো। আমি অসমীয়া জাতিক নিশেষ কৰিব পৰা এই সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলাই নিমেই।’

Related News