অসমৰ ২০১৮ ‘ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাই। তেওঁ সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি শীৰ্ষ স্থান অধিকাৰ কৰিছে। তেওঁ শতকৰা ৯৮.৮৩ শতাংশ নম্বৰ লাভ কৰিছে।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠতে ৩৩৭৫৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰ ১৬৪৪৯২ গৰাকী ছাত্ৰ আৰু ১৭৩০৭৮ গৰাকী ছাত্ৰী। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৬০৯৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮১৮৫৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু বাকী ৪৬৩৫১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ। ইয়াৰে ছাত্ৰৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩ শতাংশ।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল :-
প্ৰথম: ৰক্তিম ভূঞা, ৫৯৩ মুনলাইট হাই স্কুল, শোণিতপুৰ
দ্বিতীয়: ৫৯২ নম্বৰেৰে অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা আৰু প্ৰীতপল বেজবৰুৱা, টিহু হাইস্কুল, নলবাৰী।
তৃতীয়: ৫৯১ নম্বৰেৰে চুলতানা এইচাহ চিদ্দিকা, চেইণ্ট টেৰেছা ইংলিছ হাইস্কুল, বৰপেটা, জিন্টী দেৱী, চেইণ্ট জনচ’ হাইস্কুল, বাগছা আৰু আৰ্বি চলিহা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ(ন)।
চতুৰ্থ: ৫৯০ নম্বৰেৰে সীমা কুইন কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী, কামৰূপ, ঋত্বিক শ্যাম শইকীয়া, চেইণ্ট মেৰী হাই স্কুল, উত্তৰ লখিমপুৰ, ৰাজশ্ৰী নন্দিনী কাকতী, খ্ৰীষ্টজ্যোতি হাইস্কুল, নগাওঁ, দেৱাশিস ভৰদ্বাজ, চামতা হাইস্কুল, নলবাৰী আৰু ব্ৰজেনজিৎ হাজৰিকা, অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ।
পঞ্চম : ৫৮৯ নম্বৰেৰে নিবিৰ ডেকা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা, বিদৰ্শন দত্ত, চেইণ্ট মেৰী হাইস্কুল, উত্তৰ লখিমপুৰ, ৰাজা স্নেহাশিস গুপ্তা দত্ত, বালিকুৰীয়া বাপুজী বিদ্যাপীঠ, নলবাৰী।
ষষ্ঠ: ৫৮৮ নম্বৰেৰে ভাস্বতী কলিতা, চেইন্ট এলবাৰ্ট হাইস্কুল, বঙাইগাঁও, অনুস্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট, কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যাপীঠ, উত্তৰ লখিমপুৰ আৰু ধৃতিস্মান ভূঞা, ৰামস্বৰূপ ইংলিছ হাইস্কুল, ওদালগুৰি।
সপ্তম: ৫৮৭ গৰীয়সী দেৱী, শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও, নিতিশা শিৱম, চেইন্ট জনচ’ হাইস্কুল, বাগছা, শিৱানুজ বৰকটকী, এ এইচ ডি হাই স্কুল, শিৱসাগৰ আৰু পল ভূঞা, তেজপুৰ চৰকাৰী হাইস্কুল, শোণিতপুৰ।
অষ্টম: ৫৮৬ নম্বৰেৰে অনিন্দিতা কাকতী, ৰেইনব’ ইংলিছ হাইস্কুল, বাগছা, আশিস সন্দিকৈ, বি ভি এফ চি মডেল হাইস্কুল, ডিব্ৰুগড়, অংগনা হাজৰিকা, ডনবক্স হাইস্কুল, যোৰহাট, অংকুৰজ্যোতি ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, কামৰূপ (গ্ৰা) গুঞ্জানন বৰুৱা, দোপনী হাইস্কুল, শিৱসাগৰ আৰু বিপাঞ্চ ডেকা, সুদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)।
নৱম: মুঠ ৫৮৫ নম্বৰেৰে শ্যামলিমা পাঠক, চেণ্ট টেৰেছা হাইস্কুল, বৰপেটা, বি জেনিথ কাশ্যপ, সুদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন) আৰু শেৰমন কাইজাৰ, চেণ্ট মেৰী হাইস্কুল, কামৰূপ (ন)।
দশম: ৫৮৪ নম্বৰেৰে চায়দা ইনায়া টাবাচুম, বি ভি এফ চি হাইস্কুল, ডিব্ৰুগড়, শ্ৰেয়াছ ভট্টাচাৰ্যী, ছ’ল্ট ব্ৰুক হাইস্কুল, স্বপ্ননীল ভট্টাচাৰ্য, বেবীলেণ্ড হংলিছ হাইস্কুল, কৰিমগঞ্জ, নায়ীমা ফিৰদৌজ বৰভূঞা, নিবাগাম জাতীয় বিদ্যালয়, নগাওঁ, ভাৰ্গৱজ্যোতি দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমি, ৰহা আৰু সৃষ্টিপ্ৰিয়ম নাথ, চেণ্ট জোচেফ হাইস্কুল, গহপুৰ।