NORTHEAST NOW (Assamese)

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ কৃতীমানে উজলালে বৰপেটা জিলাৰ মান

May 25, 2018 12:33 pm · পুলেন্দ্ৰ দাস
Updated: May 25, 2018 12:47 pm
হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰা বৰপেটা চহৰৰ চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ চুলতানা আঈশ্বাহ ছিদ্দিকা

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা জিলাৰ চাৰিগৰাকী কৃতীমানে প্ৰথম দহটা স্থানত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ঘোষিত ফলাফলত বৰপেটা জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দুগৰাকী কৃতীমান অবিনাশ কলিতা আৰু নিবীড় ডেকাই ৰাজ্যখনৰ ভিতৰত ক্ৰমে দ্বিতীয় আৰু পঞ্চমস্থান লাভ কৰে।

আনহাতে বৰপেটা চহৰৰ চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ দুগৰাকী ছাত্ৰীয়ে তৃতীয় আৰু নৱমস্থান লাভ কৰিছে।

বৰপেটা চহৰৰ আজাদ নগৰৰ নিবাসী তথা জলসিঞ্চন বিভাগৰ সৰুপেটা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰমান আলী খানৰ কন্যা চুলতানা আঈশ্বাহ ছিদ্দিকাই ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰে।

ছিদ্দিকাই সাধাৰণ গনিত, ঐচ্চিক গনিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজীত ১০০ নম্বৰকৈ লাভ কৰাৰ লগতে সমাজ বিজ্ঞানত ৯৮ আৰু অসমীয়াত ৯৩ নম্বৰ লাভ কৰে। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্যৰে সম্প্ৰতি ৰাজস্থানৰ ক’টাত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ আশা পুহি ৰাখিছে।

উল্লেখ্য যে বেডমিন্টন খেলি আৰু গান শুনি ভালপোৱা আঈশ্বাহ ছিদ্দিকাই পৰীক্ষাৰ পূৰ্বে ১০-১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল। মাতৃ আশ্মে মমতাজ ৱাহিদে আঈশ্বাহ ছিদ্দিকাৰ পঢ়াশুনাত বিশেষ তৎপৰতা অৱলম্বন কৰিছিল। প্ৰথম দহটা স্থানত স্থান লাভ কৰিব বুলি নিশ্চিত থকা আঈশ্বাহ ছিদ্দিকাই অসমীয়া বিষয়ত কম নম্বৰ লাভ কৰাত মনত বেজাৰ পোৱা বুলি জানিবলৈ দিছে।

ইপিনে চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ শ্যামলিনা পাঠকে নৱমস্থান দখল কৰি সত্ৰনগৰী বৰপেটালৈ কঢ়িয়াই আনিছে গৌৰৱ।

Related News