NORTHEAST NOW (Assamese)

হাউলীত অধিবক্তাৰ ভাড়াঘৰত চলি থকা নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত

July 24, 2018 9:45 pm · আনিছুজ জামান

বৰপেটা জিলাৰ হাউলীৰ এজন অধিবক্তাৰ ভাড়াঘৰৰ পৰা স্থানীয় ৰাইজে কালি নিশা অভিযান চলায় এটা নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত কৰে।

স্থানীয় ৰাইজে অভিযানকালত তিনি গৰাকী যুৱতীসহ এজন যুৱকক আটক কৰি হাউলী আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ হাউলীৰ ১ নং ৱাৰ্ডৰ অধীনৰ জলজলীত স্থানীয় এজন অধিবক্তাৰ ভাড়াঘৰত ধৃত তিনি গৰাকী যুৱতীয়ে দেহ ব্যৱসায় চলাই আহিছিল।

মন কৰিব লগীয়া যে এজন অধিবক্তাৰ ঘৰতে এনেদৰে যুৱতীয়ে নাৰী দেহ ব্যৱসায় চলাই অহাত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰাৰ লগতে স্থানীয় ৰাইজে অধিবক্তা গৰাকীক এই সম্পৰ্কত কেইবাৰে সকীয়নি প্ৰদান কৰিছিল। কিন্তু অধিবক্তা গৰাকীয়ে এই সম্পৰ্কত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। ফলত স্থানীয় ৰাইজে কালি নিশা অভিযান চলাবলৈ বাধ্য হয়।

আনহাতে ধৃত তিনিগৰাকী যুৱতী বৰপেটা জিলাৰ কয়াকুচি, কলগাছিয়া আৰু পাকাবেতবাৰী গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে। লগতে আটকাধীন যুৱকজন বৰপেটাৰ পালহাজী গাঁৱৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে স্থানীয় ৰাইজৰ হৈ আনোৱাৰা খাতুন নামৰ এগৰাকী মহিলাই আটকাধীন যুৱক-যুৱতী আৰু ভাড়াঘৰটোৰ মালিক তথা অধিবক্তা গৰাকীৰ বিৰুদ্ধে হাউলী থানাত এজাহাৰ দাখিল কৰে। আৰু আৰক্ষীয়ে মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related News