NORTHEAST NOW (Assamese)

হাজোত থানা চৌহদতে কিশোৰী ‘ধৰ্ষণ’ খোদ আৰক্ষী বিষয়াৰ

May 1, 2018 11:45 pm · এন ই নাও নিউজ

দেশৰ লগতে অসমতো শেহতীয়াকৈ মহামাৰীৰ ৰূপ লোৱা নাৰী নিৰ্য্যাতনৰ ঘটনাৰ মাজতে আজি ১ মে’ত হাজোত বিনোদ দাস নামৰ এজন আৰক্ষীৰ বিৰুদ্ধেই এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে হাজোৰ ৰামদিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসে আৰক্ষী চকীৰ এটা ঘৰত এগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে। স্বাস্থ্য পৰীক্ষাৰ বাবে কিশোৰীগৰাকীক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাটোৰ তদন্তৰ বাবে হাজোত দুগৰাকী মহিলা উপ–আৰক্ষী অধীক্ষক উপস্থিত হৈছেহি।

Related News