হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে ওদালগুৰিত গুৰুত্বপূৰ্ণ বৈঠক

Clouded-leopard-udalguri-570x320

বন্য জীৱ-জন্তুৰ সৈতে বিশেষকৈ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে যোৱা ৩ মে’ত ওদালগুৰি জিলাৰ বৰনদী বন্যজীৱ অভয়াৰণ্যৰ ৰেঞ্জ অফিচত বন বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিভিন্ন ৰাজহুৱা সংগঠনৰ প্ৰতিনিধিসকলৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়।

অভয়াৰণ্যখনৰ আশ-পাশৰ গাঁওসমূহত দিনে দিনে বাঢ়ি অহা হাতী মানুহৰ সংঘাত, বিশেষকৈ এপ্ৰিলৰ ২৬ তাৰিখে চহৰীয়া চ’কত বনৰীয়া হাতীয়ে এদন মানুহক হত্যা কৰাৰ প্ৰসংগৰে ওদালগুৰিৰ ধনশিৰি বন সংমণ্ডলৰ পৃষ্ঠপোষকতাত এই বৈঠকখন অনুষ্ঠিত কৰা হয়।

উক্ত ব্যক্তিগৰাকীক গাঁওৰ এখন দোকানত শুই থকা অৱস্থাত নিশা প্ৰায় ২:৩০ বজাত হাতীয়ে হত্যা কৰিছিল।

এই ঘটনাটোক ২০১৮ৰ হাতী মানুহৰ সংঘাতৰ প্ৰথম ঘটনা বুলি নথিভুক্ত কৰা হৈছিল।

জুন আৰু জুলাই মাহত ভূটান আৰু অৰুণাচলৰ পৰা এই জিলাখনৰ সমভূমি অঞ্চললৈ অতীজৰে পৰা হাতীৰ জাক নামি আহে।

কিন্তু এই বছৰ গাঁও আৰু চাহ বাগানসমূহলৈ হাতীৰ জাক আগতীয়াকৈ আহিবলৈ ধৰিছে।

ধনশিৰি বন সংমণ্ডলৰ সাংমণ্ডলিক বন বিষয়া এম কে শৰ্মাই তেওঁৰ আৰম্ভণি ভাষণত ২০০৯ পৰা ২০১৮ৰ ভিতৰত হোৱা হাতী-মানুহৰ সংঘাতৰ ওপৰত বক্তব্য ৰাখে।

মানুহ আৰু ব্যজীৱৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে বাস্তাৱায়িত কৰা বিভিন্ন বিভাগৰ প্ৰকল্প আৰু আঁচনিসমূহৰ কথা তেওঁ ব্যাখ্যা কৰে।

অভয়াৰণ্যখনলৈ অনা নতুন প্ৰজাতিৰ বন্যপ্ৰাণীসমূহৰ কথাও উললএখ কৰে।তেওঁৰ মতে অভয়াৰণ্যখনত ২৩৪ প্ৰজাতিৰ জন্তু আৰু চৰাই আছে।

গোধাফুটুকী বাঘ (clouded leopard) আৰু পিগমি হগক আটাইতকৈ বিপদাপন্ন প্ৰজাতিৰ প্ৰাণীৰ তালিকভুক্ত কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে।

এই বৈঠকখনত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেয়া বি টি চি কৰ্তৃপক্ষ আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।

এই প্ৰস্তাৱসমূহ হৈছে

(১) চহৰীয়াপাৰা চ’ক, নালাপাৰা চ’ক, শিমলি চ’ক (গাৰো বস্তি), সীমান্ত সংঘ চ’ক, আৰু নালাপাৰাৰ সমীপস্থ টেংকিবস্তিত অতি কমেও ৫টা স্থায়ী নিৰীক্ষণ গৃহ নিৰ্মাণ কৰা

(২) বৰনদী বন্যজীৱ অভয়াৰণ্য আৰু কলিংগদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া কৰ্মচাৰীসকলৰ বাবে ডিজিটেল কেমেৰা, বাইনোকুলাৰ, ৰাতি দেখা পোৱা আহিলাযোগান ধৰা

(৩) অভয়াৰণ্যখনৰ বিপদ সংকুল স্থানসমূহত মানুহৰ নিৰাপত্তাৰ বাবে সৌৰ ষ্টীটলাইট স্থাপন কৰা

(৪) বনৰীয়া হাতী গাঁওত প্ৰৱেশত বাধা দিয়াৰ বাবে দেওচুঙাৰ পৰা টেংকিবস্তিলৈ ১০ কি: মি: দূৰত্বত সৌৰ বেৰৰ (solar fencing) ব্যৱস্থা কৰা

(৫)অভয়াৰণ্যৰ ভিতৰত ঘাঁহ আৰু ফলমূলৰ গছ ৰোপন কৰা

(৬) সমীপস্থ গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে বিকল্প জীৱিকা আৰু বন্য জীৱৰ ৰক্ষণাৱেক্ষণাৱেক্ষণৰ হেতু প্ৰয়োজনীয় ধনৰ বাবে পৰ্যটকক প্ৰচেষ্টা গ্ৰহণ কৰা ইত্যাদি।