NORTHEAST NOW (Assamese)

হিজবুল মুজাহিদিনত ‘যোগ দিয়া’ হোজাইৰ যুৱকক লৈ টুইট জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ

April 11, 2018 5:50 pm · এন ই নাও নিউজ
Updated: April 11, 2018 6:20 pm

হোজাই যমুনামুখৰ কমৰুজ জামানে কাশ্মীৰী পৃথকতাবাদী উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদিন ( Hizbul Mujahideen )ত যোগদান কৰা বুলি অসমত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পৰতে যুৱকজনক কাশ্মীৰত দেখা বুলি টুইট কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই।

নিজৰ টুইটত আব্দুল্লাই কয় যে ‘শ্ৰীনগৰৰ আশে-পাশে তেওঁৰ উপস্থিতিৰ বিষয়ে কেইদিনমান আগতে মোৰ নিৰাপত্তাৰক্ষীয়ে জনাইছিল।’

‘যদি সি উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে তাক গুলীয়াই মাৰক’ বুলি আহ্বান জনাই যুৱকজনৰ মাকে কমৰুজ ব্যৱসায়সূত্ৰে কাশ্মীৰলৈ যোৱা বুলি জনাইছিল।

আনহাতে হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱকজন তাত যে আছিল সেয়া নিশ্চিত কৰা হৈছে বুলি পূৰ্বে জনাইছিল।

উল্লেখযোগ্য যে বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্যই যুৱকজনে হিজবুল মুজাহিদিনত যোগদান কৰাটো নিশ্চিত হোৱা নাই আৰু এই সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলি পূৰ্বে মন্তব্য কৰিছিল।

হোজাইৰ আৰক্ষী অধীক্ষকজনে লগতে কৈছিল যে ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা আলোকচিত্ৰই এজন যুৱকৰ কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ প্ৰমাণ দিব নোৱাৰে আৰু যুৱকজন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই।

Related News