NORTHEAST NOW (Assamese)

হিন্দী ছবিৰ কায়দাৰে পিষ্টল দেখুৱাই অপহৰণ কৰি নিয়া ছাত্ৰীক মেঘালয়ত উদ্ধাৰ আৰক্ষীৰ

February 27, 2019 6:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

নগাঁৱৰ কামপুৰৰ কচুৱা আৰক্ষী থানাৰ অধীনৰ ৰজাগাঁৱৰ পৰা এটা অপহৰণকাৰী দলে হিন্দী ছবিৰ কায়দাৰে অপহৰণ কৰি নিয়া অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক আৰক্ষীয়ে মেঘালয়ৰ জোৱাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণি মতে ২৬ ফেব্ৰুৱাৰিৰ নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ আমট্ৰেঙৰ হৰিকান্ত টেৰণ নামৰ যুৱকজনে ১০-১৫ জনীয়া এটা বন্দুকধাৰী দল লগত লৈ খুড়াক সন্তোষ ৰায়ৰ ঘৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকক দুৰ্বৃত্তৰ দলটোৱে অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি শুই থকা কিশোৰী গৰাকীক বিছনাৰ পৰা চোঁচৰাই এ এছ ০২ এ এন ৭২৬০ নম্বৰৰ গাড়ীত উঠাই লৈ যায়।

ইফালে কিশোৰী তথা ছাত্ৰীগৰাকীক দুৰ্বৃত্তৰ দলটোৱে লগত নিবলৈ লোৱা অৱস্থাত পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাত চাৰিগৰাকী মহিলাক দলটোৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি ছাত্ৰীগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাইছিল।

উল্লেখযোগ্য যে ২৬ ফেব্ৰুৱাৰিৰ নিশাই কচুৱা আৰক্ষীয়ে মেঘালয়ৰ জোৱাইৰ পৰা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে। অৱশ্যে অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ’ল।

ছাত্ৰীগৰাকীয়ে হৰিকান্তৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই এই অপহৰণৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

Related News