• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীক বৈধতা দিয়া বিজেপি চৰকাৰৰ দুখন অধিসূচনাও প্ৰত্যাহ্বানৰ সন্মুখীন; উচ্চতম ন্যায়ালয়ৰ জাননী

পাছপ’ৰ্ট (ভাৰতত প্ৰৱেশ) সংশোধনী নিয়ম আৰু বিদেশী (সংশোধনী) নিৰ্দেশ, ২০১৫-এ কৰিব পাৰে ৰোধ হোৱা নাগৰিকত্ব বিধেয়কৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2019 6:26 pm
supreme-court_of_India-570x320-750x375-1140x570

উচ্চতম ন্যায়ালয়। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবল গণ-বিৰোধৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰোধ হোৱাৰ পিছত অবৈধ হিন্দু বাংলাদেশীক বৈধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ আন এটা ষড়যন্ত্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬খন অনাৰ পূৰ্বেই কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অবৈধ হিন্দু বাংলাদেশীকে ধৰি অমুছলিম ছটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক বিনা নথিৰে ভাৰতত প্ৰৱেশৰ বাট মোকলাই জাৰি কৰা তিনিখন অধিসূচনা উচ্চতম ন্যায়ালয়ত বিচাৰৰ সন্মুখীন হৈছে।

Apply Now

অসমৰ নাগৰিকত্ব সংশোধনবিৰোধী মঞ্চই এই অধিসূচনাকেইখনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি লৈ আজি শীৰ্ষতম আদালতখনে কেন্দ্ৰীয় চৰকাৰলৈ ছসপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰে গঠিত এখন পীঠে এই গোচৰটোৰ শুনানি লৈছিল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-অত উত্থাপন কৰাৰ পূৰ্বেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত Passport (Entry into India) Amendment Rules, 2015 আৰু Foreigners (Amendment) Order, 2015 -অৰ জৰিয়তে চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় হাৰাশাস্তিৰ বলি হৈ অনুপ্ৰৱেশ কৰা কোনো অমুছলিম লোককে অবৈধ অনুপ্ৰৱেশকাৰী বুলি গণ্য নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এনে লোকৰ পাছপ’ৰ্টৰ নিৰ্দিষ্ট অনুমোদিত সীমা চেৰাই যোৱাৰ পিছতো ভাৰতবৰ্ষত থকাটো বা জাল অথবা অবৈধ পাছপ’ৰ্ট লৈ ভাৰতত থকাটোও অপৰাধ হিচাপে গণ্য কৰা নহ’ব বুলি কোৱা হৈছে।

এই দুখন অধিসূচনাৰ উপৰি ২০১৬ চনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ২৩ ডিচেম্বৰ, ২০১৬-অৰ অন্য এটা নিৰ্দেশনাৰ জৰিয়তে দেশৰ মুঠ ১৬খন জিলাৰ উপায়ুক্তসকলক এনে লোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ক্ষে্ত্ৰত যাৱতীয় কাৰ্য্যপ্ৰণালী আগ বঢ়াই নিবলৈ আনুষ্ঠানিক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ’লেও এই তিনিখন অসাংবিধানিক অধিসূচনাৰ জৰিয়তে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অবৈধ নাগৰিকক বৈধতা দিয়াৰ সকলো কাম কৰি যাব পৰাকৈ ব্যৱস্থা কৰি লৈছিল।

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই এই কেওখন অধিসূচনাকে সংবিধান বিৰোধী বুলি উল্লেখ কৰি তিনিওখন অধিসূচনা বাতিল কৰাৰ প্ৰাৰ্থনা জনাই উচ্চতম ন্যায়ালয়ত যোৱা ১৫ ডিচেম্বৰ, ২০১৮ তাৰিখে এখন লেখ আৱেদন দাখিল কৰিছিল।

২০১৮ চনৰ ২৩ ডিচেম্বৰত আদালতে বিষয়টো ৰাজ্যসভাত চৰ্চিত হৈ থকাৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিছিল আৰু ৰাজ্যসভাৰ সিদ্ধান্তৰ পৰৱৰ্তী পৰ্য্যায়ত ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ৰায় দিছিল।

সেই মৰ্মে আজি গোচৰটো উচ্চতম ন্যায়ালয়ে শুনানি লৈ কেন্দ্ৰীয় চৰকাৰলৈ ইয়াৰ কাৰণ দৰ্শাবলৈ জাননী জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত আজি স্বয়ং এটৰ্নি জেনেৰেল বেণুগোপালে যুক্তি দাঙি ধৰিছিল।

আনহাতে মঞ্চৰ হৈ অধিবক্তা কমল নাৰায়ণ চৌধুৰী আৰু অধিবক্তা মনীশ গোস্বামী আৰু ৰামেশ্বৰ প্ৰসাদ গোৱেলে যুক্তি দিয়ে।

উল্লেখযোগ্য যে প্ৰবল গণ-বিৰোধৰ হেঁচাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সৰ্বশেষত ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলেও এই তিনিখন অধিসূচনাৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীসকলক ভাৰতৰ নাগৰিকত্ব দিয়াৰ কাম বাধাহীনভাৱে চলাই যোৱাৰ সুবিধা লাভ কৰি আছে।

শীৰ্ষ আদালতখনত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ উপৰি মঞ্চৰ অধ্যক্ষ ড০ হীৰেন গোহাঁই, মঞ্চৰ আহ্বায়ক মনজিৎ মহন্ত আৰু মঞ্চৰ অন্যতম জ্যেষ্ঠ সদস্য তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই ব্যক্তিগতভাৱেও অধিসূচনাকেইখন বাতিলৰ আৱেদন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd