হিন্দু বাংলাদেশী : অসম চৰকাৰৰ আদৰণিৰ বিপৰীতে মেঘালয় চৰকাৰৰ স্পষ্ট প্ৰত্যাখ্যান

Prestone-Tynsong

মেঘালয়ৰ বিজেপি সমৰ্থিত চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰি আজি কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত নাগৰিক আৰু দল-সংগঠনৰ মতামত ল’বলৈ বৰ্তমান অসমত শুনানি লৈ থকা যুটীয়া সংসদীয় কমিটীয়ে অহা ১০ আৰু ১২ তাৰিখত ৰাজ্যখন ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ আগে আগে আজি মেঘালয় চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি বিধেয়কখনৰ দিশবোৰ পুংখানুপুংখভাৱে আলোচনা কৰাৰ অন্তত এটা সৰ্বসন্মত সিদ্ধাত উপনীত হয়।

“আমি বিধেয়কখন নালাগে বুলি ক’ম।” বৈঠকৰ পৰা ওলাই সাংবাদিকৰ আগত এইদৰে কয় উপ-মুখ্য মন্ত্ৰী প্ৰেছটন টাইনছঙে।

“চৰকাৰৰ ফালৰ পৰা আমাৰ স্থিতি একেবাৰে স্পষ্ট। কেবিনেটে এই সিদ্ধান্ত তেওঁলোকক (যুটীয়া সংসদীয় সমিতিক) জনাব।” প্ৰেছটন টাইনছঙে কয়।

তেওঁ বিধেয়কখনক ‘বিপজ্জনক’ আখ্যা দি কয় মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলটোক বাংলাদেশ, নেপাল, চীন আৰু ম্যানমাৰে আগুৰি আছে। যদিহে বিধেয়কখনত সমৰ্থন জনোৱা হয় তেন্তে এজন খ্ৰীষ্টান বা হিন্দুৱে কেনেবাকৈ যদি ছবছৰ ভাৰতত থাকে, তেওঁ ভাৰতীয় নাগৰিক হ’ব পাৰিব।

এই বিলখনে মেঘালয়ৰ দৰে এখন সৰু জনজাতীয় ৰাজ্যক একো সহায় নকৰে।

উল্লেখযোগ্য যে ২০১৬ চনৰ ১৯ জুলাইত সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনে সমগ্ৰ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিধেয়কখনৰ মতে চুবুৰীয়া দেশবোৰৰ পৰা ২০১৪ চনৰ, ৩১ ডিচেম্বৰ পৰ্য্যন্ত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টান লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যদিও কোনো নথি-পত্ৰ নাথাকেও, তেতিয়াও নাগৰিকত্ব লাভ কৰিব।

অহা ১০ আৰু ১১ তাৰিখে শুনানিৰ বাবে লোকসভাৰ সাংসদ ৰাজেন্দ্ৰ আগ্ৰৱালৰ নেতৃত্বত অহা যুটীয়া সংসদীয় সমিতিয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ প্ৰাকমুহূৰ্তত এই সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। জানিব পৰামতে, সংসদীয় সমিতিখনে বিধেয়কখন সন্দৰ্ভত প্ৰব্ৰজনকাৰী/বেচৰকাৰী সংস্থা/নাগৰিক আৰু অন্যান্য স্বাৰ্থজড়িত পক্ষৰ মত ল’ব।

উল্লেখযোগ্য যে মেঘালয়ৰ এন পি পি নেতৃত্বাধীন এম ডি এ চৰকাৰত সহযোগী দল হিচাপে য়ু ডি পি, পি ডি এফ, এইচ্ছ এছ পি ডি পিৰ লগতে বিজেপিও আছে।

মন কৰিব লগীয়া কথাটো হ’ল- হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াত অসম চৰকাৰে আৰ এছ এছ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ শ্ৰুতলিপি মতে সমৰ্থন কৰাৰ বিপৰীতে মেঘালয় চৰকাৰে স্পষ্ট আৰু দৃষ্টান্তমূলক স্থিতি ল’লে।

আনহাতে অসমত চৰকাৰৰ সামগ্ৰিক স্থিতি স্পষ্ট ৰূপত মানুহে আজিলৈকে দেখিবলৈ নোপোৱাৰ বিপৰীতে সংসদীয় কমিটীৰ ভ্ৰমণৰ পূৰ্বেই বিষয়টোত চৰকাৰৰ স্থিতি কি হ’ব সেই সিদ্ধান্ত লৈ মেঘালয়ৰ চৰকাৰে আন এক অনুকৰণীয় উদাহৰণ দাঙি ধৰিলে।