NORTHEAST NOW (Assamese)

হিমন্তৰ কোটিটকীয়া আই টি আইত হ’ল জংঘল; পাঠদানৰ সলনি আন এখনহে স্থাপনৰ ঘোষণা ন শিক্ষা মন্ত্ৰীৰ

June 28, 2018 5:40 pm · কাজি জেইদুল ইছলাম
বিশ্বনাথৰ বিহালীৰ আই টি আইখনৰ আজিৰ ছবি। ফট’- কাজি জেইদুল ইছলাম।

বিশ্বনাথ জিলাত ডঃ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী থকা অৱস্থাত স্থাপন কৰা আই টি আইখনত আজিলৈকে পাঠ্যক্ৰমেই আৰম্ভ নোহোৱাৰ ফলত এতিয়া জংঘলে আৱৰি ধৰাৰ বিপৰীতে এতিয়া নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই জিলাখনত আন এখন আই টি আই স্থাপনৰ ঘোষণা কৰাত সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশ্বনাথত উপস্থিত হৈ যোৱা সোমবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে জিলাখনৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰীবাসী ৰাইজ।

কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰি নিৰ্মাণ কৰা পূৰ্বৰ আই টি আইখন আৰম্ভ নকৰাকৈ পুনৰ আন এখন আই টি আই নিৰ্মাণৰ বিৰোধিতা কৰিছে ৰাইজে।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত সেই সময়ৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আই টি আইখন  উদ্বোধনো কৰিছিল।

বৰ্তমান ৰঙাপাৰাৰ বিজেপি বিধায়ক পল্লৱ লোচন দাস বিহালীৰ কংগ্ৰেছ বিধায়ক হৈ থকাৰ সময়তেই বিশ্বনাথৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰীত আই টি আইখনৰ আধাৰশিলা স্থাপন কৰিছিল তৰুণ গগৈ চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা মন্ত্ৰিত্বৰ কালত নিযুক্ত চুক্তিভিত্তিক শিক্ষকসকলক দৰমহা দিব নোৱাৰিম বুলি নতুন শিক্ষা মন্ত্ৰীয়ে কৰা ঘোষণাক লৈয়ো অসমৰ শিক্ষকসকলে প্ৰতিবাদ জনাই আহিছে।

Related News