ভাৰতত থলুৱাভাৱে নিৰ্মিত ৰবট সম্পৰ্কে চাক্ষুস অভিজ্ঞতা লাভ কৰাৰ বিৰল সুযোগ লাভ কৰিলে শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীসকলে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে একমাত্ৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীসকলে এই বিৰল সুযোগ লাভ কৰিছে। মঙলবাৰে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ছাইৰেনা টেকন’লজিজ নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ছাইৰেনা টেকন’লজিজৰ প্ৰধান কাৰ্যালয় বাংগালুৰুত।
এই প্ৰদৰ্শনীত প্ৰায় ১,০০০ গৰাকী শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। শিক্ষাৰ সঁজুলি হিচাপে ৰবটিক্সৰ ব্যৱহাৰৰ ওপৰত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰত্যক্ষ জ্ঞান লাভ কৰে।
ছাইৰেনা টেকন’লজিজৰ বিজিনেছ ডেভেলপমেণ্ট বিষয়া অশ্বিনী কুমাৰে এইদৰে কয়, ‘‘ শিক্ষাৰ্থী প্ৰথমে বিদ্যালয়লৈ যায়, তাৰ পাছত যায় অভিযান্ত্ৰিক প্ৰতিষ্ঠানলৈ আৰু তাৰ পাছত প্ৰযুক্তি প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ যায়। এয়া ভাল কথা, কিন্তু, প্ৰযুক্তি প্ৰতিষ্ঠানসমূহ হৈছে এটা ৰৈখিক প্ৰণালী আৰু ইয়াৰ পৰা কোনো প্ৰতিক্ৰিয়া বিদ্যালয়লৈ নাযায় আৰু বিদ্যালয়ৰ পৰাও কোনো প্ৰতিক্ৰিয়া আহিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে প্ৰযুক্তি উদ্যোগৰ পৰা কোনেও সেই জ্ঞান বিদ্যালয়লৈ লৈ নাযায়।”
ছাইৰেনা টেকন’লজিজৰ সমাধান আৰু উৎপাদনসমূহ বিশেষকৈ এই সমস্যাটো সমাধান কৰাৰ বাবে বিকশিত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ এটা কাৰ্যসূচী হৈছে ছাইৰেনা জ্ঞান আৰু তথ্য কাৰ্যসূচী ( Sirena Knowledge and Information Programme, চমুকৈ SKIP)। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে বিদ্যালয়সমূহৰ বাবে ৰবটিকছকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে।
ছাইৰেনা টেকন’লজিজৰ দুগৰাকী প্ৰশিক্ষক নীলাক্ষী কোৱৰ আৰু গুলাম ছাৰুৱাৰ হুছেইনে ৰবটিক বাহু সংযুক্ত দুটা মানৱ সদৃশ ৰবট নিনো-১ আৰু নিনো-২, আৰু স্বয়ংচালিত গাড়ী, ৰবটিক সাপ, প্লেন আৰু ৰবটিক সকলো ভূ-পৃষ্ঠত চলিব পৰা যানৰ কাৰ্য প্ৰণালী প্ৰদৰ্শন কৰে।
প্ৰশিক্ষক দুগৰাকীয়ে আৰু জনায় যে জাপানৰ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ কিতাপ আৰু বহী নিয়াৰ সলনি নিজৰ ‘টেবলেট’ লৈ যায়। এই সন্দৰ্ভত তেওঁলোকে আৰু কয় যে মানৱ-সদৃশ ৰবটে শ্ৰেণীকোঠাৰ পৰিৱেশ আকৰ্ষণীয় কৰি তোলাৰ লগতে শিক্ষণ গভীৰ আৰু উচ্চ পৰ্যায়ৰ কৰি তোলে।
কম্পিউটাৰ আৰু ৰবটৰ মাজৰ পাৰ্থক্য বুজাবলৈ গৈ প্ৰশিক্ষকসকলে কয় যে কম্পিউটাৰৰ কৃত্ৰিম বুদ্ধিমত্তা নাই কিন্তু ৰবটৰ আছে। কম্পিউটাৰে চলাচল কৰিব নোৱাৰে কিন্তু ৰবটে পাৰে। কৃত্ৰিম বুদ্ধিমত্তা থকা বাবে ৰবট স্মাৰ্ট আৰু সংবেদনশীল।
ছাইৰেনা টেকন’লজিজে এতিয়ালৈকে ৭০টাতকৈও অধিক বিভিন্ন মডেলৰ ৰবটৰ বিকাশ সাধন কৰিছে। প্ৰতিষ্ঠানটোৰ মানুহৰ আকৃতিৰ কেম্পা (Kempa) ৰবটে বাংগালুৰু বিমানঘাটীত যাত্ৰীসকলক বিমানৰ প্ৰস্থানৰ সময় সূচী আৰু প্ৰৱেশপথৰ নিৰ্দেশনা উপলব্ধ কৰে।
মানৱ সদৃশ ৰবট নিনো-১ আৰু নিনো-২ এ বলীউদৰ সংগীতৰ তালে তালে নৃত্য কৰি শিক্ষাৰ্থীসকলৰ মনোৰঞ্জন কৰে। ৰবটদুটাই শ্ৰেণীকোঠাত নিচুকনি গীত, বিজ্ঞান আৰু পৰিৱেশ অধ্যয়নৰ পাঠ প্ৰদানো কৰে।