হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিবাদী অনশন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ; বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীৰ মূল্য নাই বোলাত ছাত্ৰীৰ হাহাকাৰ

Jorhat- Hunger strike Women University

প্ৰতিবাদী ছাত্ৰী

অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বোলাকে ধৰি বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা বিভিন্ন মন্তব্যৰ প্ৰতিবাদত আজি সোমবাৰে ৩৬ ঘণ্টীয়া অনশনত বহিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকল।

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমুখত আজি দিনৰ ১ বজাৰ পৰা ২৫ গৰাকী ছাত্ৰীয়ে অনশন আৰম্ভ কৰিছে। বাকী ছাত্ৰী আৰু শিক্ষকসকলেও তেওঁলোকৰ এই অনশনলৈ সমৰ্থন আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

জিলা উপায়ুক্ত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তথা মহিলা বিশ্ববিদ্যালয়খনৰো ‘মেন্তৰ’ৰ দায়িত্বত থকা কমল মল্ল বুজৰবৰুৱালৈ ছাত্ৰীসকলে স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

এগৰাকী স্থায়ী উপাচাৰ্য্য আৰু স্থায়ী শিক্ষকৰ নিযুক্তিৰ জড়িয়তে বিশ্ববিদ্যালয়খনক পূৰ্ণ পৰ্য্যায়লৈ উন্নীত কৰাৰ বাবে ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে।

বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ বাবে চিন্তা কৰি থকা বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে পূৰ্বে এবাৰ ছাত্ৰীসকলৰ ডিগ্ৰী আৰু শিক্ষকসকলৰ চাকৰিসমূহৰ খেয়াল ৰখা হ’ব বুলি কৈছিল। কিন্তু উপাচাৰ্য্য নোহোৱা বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বুলি কেইদিনমান আগতে পূৰ্বতকৈ ওলোটা মত আগবঢ়াইছিল মন্ত্ৰীজনে। কেৱল মহিলাৰ বাবে এখন বিশ্ববিদ্যালয় থকাৰ কোনো অৰ্থ নাই বুলিও তেওঁ মন্তব্য কৰিছিল।

ছাত্ৰীসকলে আজি প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত শিক্ষা মন্ত্ৰীগৰাকীৰ মন্তব্যসমূহ উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰা হ’ব বুলি শুনি তাৰ প্ৰতিবাদত মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৱা ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ‘ক’লা দিন’ পালন কৰিছিল।

তেওঁলোকৰ ভৱিষ্যৎ ওলমি ৰোৱাৰ বাবে ছাত্ৰীসকল আন্দোলন কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি এই অনিশ্চয়তাৰ বাবে অধ্যয়নত মন দিব নোৱৰা বুলি তেওঁলোকে প্ৰতিবেদকক জনায়। প্ৰতিবাদী ছাত্ৰীসকলে কয়, ‘নাগৰিকসকলৰ ভৱিষ্যৎ বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত অলপো চিন্তা নকৰা বৰ্তমানৰ চৰকাৰখনৰ মনোবৃত্তিক আমি গৰিহণা দিছো।’

স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ১৫ টা বিভাগৰ শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যে দুটা বৰ্ষৰ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ কৰিছে।

লক্ষণীয়ভাৱে এতিয়াও উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়খনত এতিয়াও প্ৰায় ৫০০ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা কেবাগৰাকী ছাত্ৰী ইতিমধ্যে শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষা নে’ট (NET)টো উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। তাৰোপৰি কিছুসংখ্যক ছাত্ৰীয়ে ডিব্ৰুগড় আৰু নে’হু (NEHU) বিশ্ববিদ্যালয়ত এম ফিল আৰু ডক্তৰে’ট কৰি আছে।

বহুবিলাক ছাত্ৰী চৰকাৰী, বেচৰকাৰী বিভিন্ন চাকৰিত মকৰল হৈ আছে।

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী থকাৰ সময়ত ২০১৩ চনত গৃহীত কৰা, আইনযোগে অসম চৰকাৰে পতা বিশ্ববিদ্যালয়খন ২০১৪ চনৰ ১১ চেপ্তেম্বৰত উদ্বোধন কৰিছিল অসমৰ তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

এটা সূত্ৰ মতে শিক্ষা মন্ত্ৰীৰ মন্তব্যৰ কোনো মূল্য নাই কাৰণ ২১/০৮/২০১৩ তাৰিখে এল জি এল ১৪৯/২০১১/৯২ জাননীযোগে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে অসম বিধান সভাই অনা ২০১৩ৰ XXII আইনযোগে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱা আৰু নিজা বিভাগসমূহৰ জড়িয়তে য়ুজিচি আইন ১৯৫৬ৰ ২২ ধাৰাৰ অধীনত য়ুজিচিয়ে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰিব বুলি বিভাগীয় ৱে’বছাইটত উল্লেখ আছে।

কিন্তু বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ ফলত বিশ্ববিদ্যালয়খনত কোনো ছাত্ৰীয়ে ভৱিষ্যতে নাম লগাব নুখুজিব আৰু ফলত বিশ্ববিদ্যালয়খন অৱশেষত ধ্বংসৰ মুখত পৰিব বুলি সূত্ৰটোৱে লগতে মন্তব্য কৰে।