হিমা দাসলৈ অসম ছাত্ৰ সন্থাৰ অভিনন্দন : নতুন প্ৰজন্মৰ বাবে হিমা হ’ব সাহস

cwg-2018-athletics_b2d1c1a8-3d9e-11e8-80b2-0257d29a997a

অষ্ট্ৰেলিয়াৰ গ’ল্ডকষ্টত চলি থকা কমনৱেল্থ গেইমছত ৪০০ মিটাৰ দৌৰৰ ফাইনেলত ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয় অনুৰাগীৰ মন জয় কৰা অসম সন্তান, ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদিকা হিমা দাসৰ সফলতাত সদৌ অসম ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰিছে।

এতিয়া দেশৰ এথলীট জগতৰ এগৰাকী তাৰকাৰ লগতে নৱপ্ৰজন্মৰ বাবে এক সাহস ধিং মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰী আৰু ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদিকা হিমা দাস।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিত কয়, ‘হিমাৰ প্ৰদৰ্শনত অসমবাসীৰ লগতে ছাত্ৰ সন্থা গৌৰৱান্বিত। হিমাৰ দৃঢ়তা আৰু সাহসে ভৱিষ্যৎ ক্ৰীড়া জীৱনলৈ কঢ়িয়াই আনক সফলতা।

ইয়াৰ উপৰি আৰু কয়- ‘হিমা দাস অসমৰ উঠি অহা নতুন প্ৰজন্মৰ ক্ৰীড়াবিদসকলৰ বাবে হওক সাহস আৰু প্ৰেৰণা। ছাত্ৰ সন্থাৰ তৰফৰ পৰাও জনাইছো আন্তৰিক শুভেচ্ছা।

উল্লেখ্য যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত ছাত্ৰ সন্থাই উল্লেখ কৰে যে অসমৰ খেলুৱৈসকলৰ প্ৰতিভা আছে। ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে প্ৰয়োজন মাথোঁ চৰকাৰখনৰ সুসংহত পৰিকল্পিত ক্ৰীড়া নীতিৰ। ইয়াৰ বাবে অসম চৰকাৰে তেনে পৰিকল্পনাৰে ক্ৰীড়াবিদসকলৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা পালন কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।