NORTHEAST NOW (Assamese)

হোজাইত কলেজীয়া ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

June 2, 2018 12:27 pm · নিখিল মুন্দ্ৰা

হোজাইৰ নিউ মাৰ্কেট অঞ্চলত থকা কে এম কে বিদ্যালয়ৰ সমিপত কালি অৰ্থাৎ ১ জুনৰ আৱেলি কোনো অচিনাক্ত দুৰ্বৃত্তই এগৰাকী ২২ বছৰীয়া যুৱতীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, এই আক্ৰমণৰ ফলত ডিঙিত গুৰুতৰভাৱে আঘাতপোৱা টিনা ধৰ নামৰ যুৱতীগৰাকীক ততাতৈয়াকৈ হোজাই নগৰত থকা ‘হোজাই ফাৰ্ছট ৰেফাৰেল ইউনিট’ত ভৰ্তী কৰোৱা হৈছিল।

আনহাতে এই অপৰাধ কাৰ্য সংঘটিত কৰিয়েই দুষ্কৃতিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ঘটনা সংক্ৰান্তত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে হোজাই আৰক্ষী চকীত ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে যদিও ঘটনাৰ কাৰণ এতিয়ালৈকে গম পাব পৰা হোৱা নায়।

জানিব পৰা দুৰ্বৃত্তৰ আক্ৰমণৰ চিকাৰ হোৱা টিনা ধৰ হোজাই ছোৱালী মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰী।

দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি হোজাই আৰক্ষীৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে।

Related News