NORTHEAST NOW (Assamese)

হোজাই ষ্টেইশ্যনৰ পৰা দুই কুইণ্টল গাঞ্জাসহ দুজন লোকক আটক

May 21, 2018 5:40 pm · নিখিল মুন্দ্ৰা

হোজাই আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অভিযান চলাই হোজাই ৰে’লৱে ষ্টেইশ্যনৰ পৰা ১৯৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে জয়কান্ত ৰয় নামৰ লোকজনে আৰক্ষীয়ে আজি জব্দ কৰা গাঞ্জাখিনি ডিমাপুৰৰ পৰা ৰে’লযোগে আনিছিল। আনহাতে জয়কান্ত ৰয়ে আজি এ এছ ০১ এ টি ৮৫৩৯ নম্বৰৰ এখন চুইফট ডিজায়াৰ গাড়ীৰে গাঞ্জাখিনি চালক বসু দেৱনাথৰ সহযোগত গুৱাহাটীলৈ আনিবৰ বাবে যোজা চলাওঁতেই হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুয়োকে আটক কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে ছুইফট ডিজায়াৰ আৰু গাঞ্জাখিনিও জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে নিজৰ জিন্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।

Related News