NORTHEAST NOW (Assamese)

হোজাইত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

May 1, 2018 11:12 pm · এনই নাও নিউজ
Updated: May 1, 2018 11:22 pm

ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ অসম আৰক্ষীৰ গাত চেকা লগাই আজি হাজোত খোদ আৰক্ষী থানাতে এগৰাকী কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য মতে, কামৰূপ জিলাৰ হাজোৰ সমীপৰ ৰামদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসে দুদিন পূৰ্বে এগৰাকী কিশোৰীক থানা চৌহদলৈ আনি যৌন নিৰ্যাতন চলাইছিল।

পিছত কিশোৰীগৰাকীয়ে পৰিয়ালৰক এই কথা অৱগত কৰাত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে কামৰূপ জিলা আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে দুগৰাকী উচ্চপদস্থ মহিলা আৰক্ষী বিষয়াক ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পণ ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে।

আনহাতে উক্ত ঘটনাটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News