NORTHEAST NOW (Assamese)

১০ৰ পৰা ১৩ মে’লৈ অৰুণাচলত ভৰতীয় সেনাৰ নিয়োগ ৰেলী

April 7, 2018 11:57 am · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ নিৱনুৱা সকলৰ বাবে এক সুখবৰ। অহা ১০ৰ পৰা ১৩ মে’লৈ ৰাজ্যখনৰ চাংলাং জিলাৰ জয়ৰামপুৰত ভাৰতীয় সেনাই এক নিয়োগ ৰেলী অনুষ্ঠিত কৰিব। উক্ত ৰেলীত আগ্ৰহী অবিবাহিত ভাৰতীয় যুৱকসকলে অৱতীৰ্ণ হ’ব পাৰিব।

ক’হিমাস্থিত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ পিআৰঅ’ কৰ্নেল চি কোঁৱৰে প্ৰকাশ কৰা মতে আগ্ৰহী যুৱকসকলে ইণ্টাৰনেটৰ পৰা www.joinindianarmy.nic.in ৱেৱছাইটো ডাউনলোড কৰি ২৪ এপ্ৰিলৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব।

আনহাতে প্ৰাৰ্থীসকলে ৰেলীত ভাগ লোৱাৰ দিনা অনলাইন এডমিট কাৰ্ড আৰু দুকপি ৰঙীন পাছপৰ্ট আকাৰৰ ফটো লৈ আহিব লাগিব বুলি প্ৰকাশ কৰে কৰ্নেল কোঁৱৰে।

তদুপৰি অষ্টম শ্ৰেনী উত্তীৰ্ণ মাৰ্কশ্বীটৰ দুকপি প্ৰতিলিপি, দশম শ্ৰেনীৰ পৰীক্ষাৰ এডমিট কাৰ্ড, দ্বাদশ শ্ৰেনীৰ মাৰ্কশ্বীট, পিআৰচি, উপায়ুক্ত/অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ে জাৰি কৰা জাতি- জনজাতিৰ প্ৰমাণপত্ৰ, অবিবাহিতৰ প্ৰমাণপত্ৰ আদি লগত লৈ আহিব লাগিব বুলি সদৰী কৰে কোঁৱৰে।

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ নিৱনুৱা যুৱকসকলে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা বুধবাৰে এক চৰকাৰী ভ্ৰমণসূচীত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত)বি ডি মিশ্ৰাই ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটক নতুন দিল্লীত সাক্ষাৎ কৰিছিল।

 

 

 

Related News