১৫টা নতুন শক্তি প্ৰকল্পৰে মেঘালয়ৰ ১৬৫৯.০৫ মেগাৱট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য

মেঘালয়ৰ শক্তি মন্ত্ৰি জে'মছ কে ছাংমা

ৰাজ্যখনৰ বৰ্ধিত বিদ্যুৎৰ চাহিদাক জোৰা মাৰিবলৈ মেঘালয় চৰকাৰে প্ৰায় ১৫টা শক্তি প্ৰকল্পৰ পৰা ১৬৫৯.০৫ মেগাৱট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য লৈছে।

কালি অৰ্থাৎ মঙলবাৰে বিধানসভাত এই কথা জানিবলৈ দি ৰাজ্যখনৰ শক্তি মন্ত্ৰী জে’মছ ছাংমায়ে এই ক্ষেত্ৰত প্ৰায় সংখ্যক প্ৰকল্পৰে বিতং প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) সম্পুৰ্ণ হৈ উঠিছে বুলি উল্লেখ কৰে।

তেওঁ জনোৱা মতে, উক্ত প্ৰকল্পসমূহৰ ভিতৰত আছে ১০টা জলবিদ্যুৎ প্ৰকল্প, ২টা তাপবিদ্যুৎ প্ৰকল্প আৰু ৩টা নৱীকৰণযোগ্য শক্তি প্ৰকল্প।

জলবিদ্যুৎ প্ৰকল্পকেইটা হৈছে ২৭০ মেগাৱটৰ কিনশি ষ্টেজ-১ প্ৰকল্প, ৩২৫ মেগাৱটৰ কিনশি ষ্টেজ-২ প্ৰকল্প, ৬৫ মেগাৱটৰ ৰংমাও প্ৰকল্প, ৮৫ মেগাৱটৰ মাউফু প্ৰকল্প, ১৫ মেগাৱটৰ আপাৰ খ্ৰি ষ্টেজ-১ প্ৰকল্প, ১০ মোগাৱটৰ আপাৰ খ্ৰি ষ্টেজ-২ প্ৰকল্প, ১৮ মেগাৱটৰ নোংগুমাৰ প্ৰকল্প, ৫০ কিলোৱাটৰ উমলুন প্ৰকল্প, ১০ মেগাৱাটৰ উমৰান প্ৰকল্প আৰু ১ মেগাৱটৰ মাৱৰাপ প্ৰকল্প।

আনহাতে দক্ষিণ গাৰো পাহাৰৰ নোংগালবিব্ৰাত এটা ২৪০ মেগাৱট আৰু পূব গাৰে পাহাৰৰ ডাৰুগিৰিত ২৪০ মেগাৱটৰ দুটা তাপবিদ্যুৎ প্ৰকল্প। ইয়াৰোপৰি আছে বৰনিহাটত(২৪ মেগাৱট), অমপাটি (৪৮ মেগাৱট) আৰু মেন্দিপথাৰত (৪৮ মেগাৱট)৩টা নৱীকৰণযোগ্য শক্তি প্ৰকল্প।