• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ জানুৱাৰিত জ্যোতি চিত্ৰবনে উদযাপন কৰিব সোণালী জয়ন্তী আৰু শিল্পী দিৱস

সুকৃতি গগৈ by সুকৃতি গগৈ
January 16, 2018 8:18 pm
সোণালী জয়ন্তী বৰ্ষত জোতি চিত্রবন

সোণালী জয়ন্তী বৰ্ষত জোতি চিত্রবন

429
VIEWS
Share on FacebookShare on Twitter

১৭ জানুৱাৰি, মঙলবাৰে জ্যোতি চিত্ৰবনে ইয়াৰ সোণালী জয়ন্তী উদযাপনৰ লগতে শিল্পী দিৱসো পালন কৰিব। এই বছৰ শিল্পী দিৱস আৰু জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠা দিৱস একেলগে উদযাপন কৰা হ’ব। দ্বিতীয়বাৰৰ বাবে এনেধৰণে একেলগে দুয়োটা দিৱস পালন কৰিবলৈ লোৱা হৈছে।

সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা পেইন্টিং প্ৰতিযোগিতা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত বিটিএডিকে ধৰি অসমৰ সকলো প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব। সংগীত শিল্পী কুল বৰুৱা আৰু অনিমা বৰঠাকুৰক শিল্পী দিৱস উপলক্ষে সম্বৰ্দ্ধনা জনোৱা হ’ব।

জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে উন্নয়নমূলক কাম হাতত লৈছে আৰু এইবছৰ তিনিখন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিব।

‘’ সংগীতৰ আৰ্কাইভটো এটা ডিজিটেল আৰ্কাইভলৈ সলনি কৰা হৈছে। দহদিনৰ ভিতৰত আমি ১২০০ তকৈয়ো অধিক ফটোগ্ৰাফ আমি সাজু কৰিবলৈ সক্ষম হ’ম আৰু সেইবোৰ ডিজিটেল মাধ্যমত উপলব্ধ হ’ব,’’-গুৱাহাটীৰ কাহিলিপাৰাত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় পৱিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ লগতে কয় যে অসমৰ চলচ্চিত্ৰ, সংগীত আৰু সংস্কৃতিৰ লগত জড়িত মূল্যৱান ফটোগ্ৰাফৰ ডিজিটেল সংকলন এই বছৰৰ পৰা সহজলভ্য কৰি তোলা হ’ব। জ্যোতি চিত্ৰবনৰ এই সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মনিতা বৰগোহাইও উপস্থিত আছিল।

পৱিত্ৰ মাৰ্ঘেৰিটাই লগতে উল্লেখ কৰে জ্যোতি চিত্ৰবনে আগন্তুক বছৰত এখন আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ উপৰি মহোৎসৱখন আন্তৰ্জাতিক সাংস্কৃতিক বিনিময়ৰ এখন মঞ্চ হোৱাৰ লগতে  শিশুৰ বাবে নতুন কেৰিয়াৰৰ আলোচনাৰ ব্যৱস্থা থাকিব। ইয়াত চলচ্চিত্ৰ নিৰ্মাণৰ কলা শিক্ষণৰ সুবিধাও আগবঢ়োৱা হ’ব।

জ্যোতি চিত্ৰবনে এখন তথ্যচিত্ৰ মহোৎসৱ আৰু গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব। তদুপৰি, ১৯৯৯ চনত জ্যোতি চিত্ৰবনত আৰম্ভ কৰা ড০ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউটে এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে কাম কাজ চলাব।

‘’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত অনুসৰি আমি বৈজ্ঞানিক ভিত্তিত সংৰক্ষণৰ কাম গ্ৰহণ কৰিম আৰু লগতে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত গৱেষণাৰ উদ্যোগ কৰা হ’ব,’’-তেওঁ কয়।

Recent News

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd