• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 9:31 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমৰ ৰাজহুৱা শিক্ষাখণ্ডত আশাৰ নতুন ৰেঙনি দেখা গৈছে। বিগত কেইবছৰমানৰ পৰা আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল যদিও শেহতীয়া তথ্যই এই ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে। ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন (ইউডাইছ) প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন অনুসৰি, অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ইয়াৰ লগতে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে।

আধাতে বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস

Apply Now

প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষৰ ইউডাইছ প্লাছৰ প্ৰতিবেদনত নিম্ন প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় ত্যাগৰ হাৰ আছিল ৬.২ শতাংশ, যি এই বছৰ হ্ৰাস পাই ৩.৮ শতাংশ হৈছে। উচ্চ প্ৰাথমিক স্তৰত এই হাৰ পূৰ্বৰ ৮.২ শতাংশৰ পৰা ৫ শতাংশলৈ নামিছে। মাধ্যমিক স্তৰত আধাতে বিদ্যালয় ত্যাগৰ হাৰ আগৰ বছৰৰ ২৫.১ শতাংশৰ পৰা ১৭.৫ শতাংশলৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় স্তৰত নিম্ন প্ৰাথমিকত এই হাৰ ৩ শতাংশ, উচ্চ প্ৰাথমিকত ৩.৫ শতাংশ আৰু মাধ্যমিকত ১১.৫ শতাংশ।

আধাতে বিদ্যালয় ত্যাগৰ কাৰণ

ইউনেস্ক’ৰ তথ্য অনুসৰি, আধাতে বিদ্যালয় ত্যাগৰ প্ৰধান কাৰণসমূহৰ ভিতৰত আছে লিংগ বৈষম্য, দৰিদ্ৰতা, শিশু শ্ৰমিক হিচাপে নিয়োগ, আৰু পৰিয়ালৰ আৰ্থিক দুৰৱস্থা। কিছুমান পৰিয়ালত পিতৃ-মাতৃৰ কামত সহায় কৰিবলৈ বা সৰু ভাই-ভনীৰ যত্ন ল’বলৈ শিশুসকলে বিদ্যালয় ত্যাগ কৰিবলগীয়া হয়।

শিক্ষক-শিক্ষাৰ্থী অনুপাত

ইউডাইছ ২০২৪-২৫ৰ তথ্য অনুসৰি, অসমত শিক্ষক-শিক্ষাৰ্থী অনুপাত সন্তোষজনক। প্ৰাথমিক স্তৰত ১৯ জন, উচ্চ প্ৰাথমিকত ১৩ জন, মাধ্যমিকত ১২ জন আৰু উচ্চতৰ মাধ্যমিকত ১৯ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক উপলব্ধ। এই অনুপাতে শিক্ষাৰ মানদণ্ড বজাই ৰখাত সহায় কৰিছে।

নামভৰ্তিৰ হাৰত উন্নতি

প্ৰাপ্ত তথ্য অনুসৰি মাধ্যমিক স্তৰত নামভৰ্তিৰ হাৰ পূৰ্বে ৩৬.৭ শতাংশ আছিল, যি এতিয়া বৃদ্ধি পাই ৪৩.৫ শতাংশ হৈছে। নিম্ন প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিকলৈ শিক্ষাৰ্থীৰ অগ্ৰগতিৰ হাৰ ৮৫ শতাংশৰ পৰা ৯০.৩ শতাংশলৈ, উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ ৮২ শতাংশৰ পৰা ৮৭.৭ শতাংশলৈ, আৰু মাধ্যমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ৫২.৫ শতাংশৰ পৰা ৬১.৪ শতাংশলৈ বৃদ্ধি পাইছে।

আন্তঃগাঁথনিৰ উন্নতি

ইউডাইছ ২০২৪-২৫ৰ তথ্য অনুসৰি, ৰাজ্যৰ ৪৪,৩০০ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ৯৮.৭৪ শতাংশত ছাত্ৰৰ বাবে টয়লেটৰ ব্যৱস্থা আছে, যাৰ ৯৮.৫৯ শতাংশ কাৰ্যক্ষম। ছাত্ৰীৰ বাবে ৯৯.২৬ শতাংশ বিদ্যালয়ত টয়লেট আছে, যাৰ ৯৯.১৮ শতাংশ কাৰ্যক্ষম। খোৱাপানীৰ ব্যৱস্থা ৯৯.১৮ শতাংশ বিদ্যালয়ত আৰু ৯৮.৮৬ শতাংশত কাৰ্যক্ষম। বিদ্যুৎ সংযোগ ৯৭.৮৬ শতাংশ বিদ্যালয়ত উপলব্ধ, য’ত বহুতো বিদ্যালয়ত সৌৰশক্তি চালিত ব্যৱস্থা আছে। পুথিভঁৰাল ৮৮.১৮ শতাংশ বিদ্যালয়ত উপলব্ধ, যি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত। তথাপি, প্ৰায় ২০,০০০ বিদ্যালয়ত এতিয়াও সীমাৰ দেৱালৰ অভাৱৰ লগতে সামগ্ৰিক উন্নয়ত কাম কৰিবলগীয়া আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd