১৯ জুনৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব অসমীয়া যুৱকৰ ‘লা কেব’ সেৱা

লা-কেব

কেইগৰাকীমান অসমীয়া উদ্যমী যুৱকৰ প্ৰচেষ্টাত গুৱাহাটীত আৰম্ভ হ’ব ‘লা কেব’ সেৱা৷ কাৰ্যত: উবেৰ-অ’লাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা কেব’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে তথা উবেৰ-অ’লাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে গাড়ীৰ মালিক- চালকসকলক ৰক্ষা কৰিবলৈ ‘লা কেব’ সেৱা আৰম্ভ কৰা হ’ব৷

অহা ১৯ জনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই ‘লা কেব’ সেৱা। গ্ৰাহকসকলে নিৰ্দিষ্ট এপযোগে বুকিং কৰিব পৰাৰ সুবিধা উপলব্ধ হ’ব ‘লা কেব’ সেৱাত।

উল্লেখযোগ্য যে পেট্ৰল-ডিজেল তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ অহা তথা তাৰ পাছতে উবেৰ কৰ্তৃপক্ষই ইনচেনটিভ বন্ধ কৰি দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উবেৰ মালিক আৰু চালকসকলৰ মাজত৷

তাৰ পিছতে একাংশ চালক আৰু মালিকে বিকল্প কিবা কৰিব পাৰি নেকি তাৰ কথা চিন্তা কৰে৷ তেওঁলোকে ওচৰ চাপে সঞ্জীৱ দৈমাৰী নামৰ এগৰাকী লোকৰ। তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে দৈমাৰীয়ে ৷ ছিংগাপুৰৰ এটি কোম্পানীৰ সৈতে কাম কৰাৰ বাবে চুক্তিবন্ধ হয়৷ ছিংগাপুৰৰ এটি কোম্পানীৰ সৈতে চুক্তিবদ্ধ হয় কোম্পানীটোৱে অসমত ব্যৱসায় কৰিবলৈ নাহে তেওঁলোকে কেৱল ছেটেলাইটহে নিয়ন্ত্ৰণ কৰিব৷ বহিৰাগত প্ৰতিষ্ঠানে অসমৰ থলুৱা যুৱকক ৰক্ষা কৰিবলৈ কেৱ সেৱা চলাবলৈ সাহস গোটায়৷

উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ পৰা গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ দৈমাৰিয়ে ‘লা কেব’ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯ জুনত আনু্ষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই সেৱা। জানিব পৰা মতে, যিটো দলৰ প্ৰচেষ্টাত এই সেৱা গঢ় লৈ উঠিছে সেই দলটোৰ আটাইকেইজন যুৱক অসমীয়া।

১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা কেব’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ চাৰিচকীয়া বাহনৰ মালিকে গাড়ী দি অৰ্থ উপাৰ্জন কৰিবলৈ ৮০১১৪৮৭৭৭৭ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে৷ গাড়ীৰ মালিকক ১৫ শতাংশ কমিছন, চালকৰ ইএছআই আৰু পিএফ, স্বাস্থ্য বীমা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে৷