২০১৩ চনৰ পৰা মিজোৰামত দুৰাৰোগ্য মেলেৰিয়াই প্ৰাণ ল’লে ৮৫ জন লোকৰ

worldmalariaday-570x320

মিজোৰাম স্বাস্থ্যখণ্ডৰ এক পয়ালগা ছবি। ৰাজ্যখনত ২০১৩ চনৰ পৰা দুৰাৰোগ্য মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ প্ৰায় ৮৫ জন লোকে মৃত্যুক আকোৱালি লৈছে। বিশ্ব মেলেৰিয়া দিৱসৰ দিনাই মিজোৰাম চৰকাৰে এই ভয়াবহ তথ্য সদৰী কৰে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এই তথ্যত মেলেৰিয়াৰ ফলত ৰাজ্যখনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৫.৫৬ শতাংশলৈ হ্ৰাস পোৱা বুলি জনায়।

বিগত ২০১৭ বৰ্ষত ৰাজ্যখনত ৫,৭১৫ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু ইয়াৰে চাৰিগৰাকী লোকে মৃত্যুবৰণ কৰিছিল।

ইফালে চলিত বছৰৰ মাৰ্চ মাহলৈ ৰাজ্যখনত ৪২৬ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলিও উক্ত তথ্যত প্ৰকাশ পায়।

বিজাণুৰ পৰা হ’ব পৰা ৰোগ নিয়ন্ত্ৰণ ৰাজ্যিক আঁচনিৰ (State Vector Borne Diseases Control Programme) জৰিয়তে ৰাজ্যখনত মেলেৰিয়া ৰোগ ৰোধ কৰাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান ড০ এফ লালিয়ানহিৰাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে মেলেৰিয়া নিয়ন্ত্ৰণ আঁচনিৰ উপৰি ৰাজ্যখনৰ পৰা ডেংগু আৰু চিকুংগুনিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ৰাজ্য চৰকাৰে অন্য আঁচনিও আৰম্ভ কৰিছে।

মনকৰিবলগীয়া যে সমগ্ৰ বিশ্বৰ লগতে মিজোৰামতো বুধবাৰে মেলেৰিয়া দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে বিভিন্ন অঞ্চলত দুৰাৰোগ্য মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি তথা কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।

মিজোৰামৰ ৰাজধানী আইজলৰ জাৰক’ট অঞ্চলৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা মেলেৰিয়া দিৱস অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী লাল থানজ’ৱাৰা উপস্থিত থাকে। দিৱসৰ লগত সংগতি ৰাখি এটা সজাগতা মূলক বাইক ৰেলী উলিওৱা হয়। বাইক ৰেলীটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী থানজ’ৱাৰাই।

অনুষ্ঠানত মন্ত্ৰী লাল থানজ’ৱাৰাই ২০৩০ চনৰ ভিতৰত মিজোৰামক এখন মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।