২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

assam-police-22-1508634687

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ ফলাফল অসম আৰক্ষীৰ নিজা ৱেবছাইট assampolice.gov.inত চাব পাৰিব।

অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে উক্ত ৱেবছাইটত তেওঁলোকৰ ফলাফলসমূহ প্ৰত্যক্ষ কৰিব পাৰিব।

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ২০১৭ চনৰ ২৯ জুনত কনিষ্টবল পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে ফলাফলসমূহ কেনেকৈ চাব :

# ২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল চাবলৈ অসম আৰক্ষীৰ বিভাগীয় ৱেবছাইট assampolice.gov.in টো খোলক।

# বিভাগীয় ৱেবছাইটোৰ হোমপেজত অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮ পৰীক্ষাৰ ফলাফলৰ লিংকটো দেখা পাব। লিংকটোত ক্লিক কৰক।

# লিংকটোত ক্লিক কৰাৰ পিছত এটা নতুন পেজ ওলাব য’ত আপুনি অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮’ পৰীক্ষাৰ পঞ্জীয়ন নম্বৰৰ লগতে অন্যান্য প্ৰয়োজনীয় তথ্য দিব লাগিব।

# চাবমিট কী’ত ক্লিক কৰক।

# আপোনাৰ অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮ বৰ্ষৰ ফলাফল স্কীণত দেখা পাব। এইটো ডাউনলোড কৰাৰ লগতে প্ৰিন্ট কৰি পৰৱৰ্তী সময়ত ব্যৱহাৰৰ বাবে লগত ৰাখক।

উল্লেখযোগ্য যে কনিষ্টবল পৰীক্ষাৰ ফলাফলক লৈ প্ৰাৰ্থীসকলৰ মাজত উৎকণ্ঠা চলি থকাৰ মাজতে অসম আৰক্ষীয়ে ঘোষণা কৰা ফলাফলে যোগ্য প্ৰাৰ্থীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি।

ৰাজ্যখনত খালী হৈ থকা কনিষ্টবল পদ পূৰণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছিল আৰু ৰাজ্যখনৰ আইন-শৃংখলাৰ লগতে সাম্প্ৰতিক সময়ত দেখা দিয়া বিভিন্ন সামাজিক সমস্যাসমূহ মোকাবিলা কৰাৰ বাবেও অসম আৰক্ষীৰ শক্তি বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে।