২০১৮ বৰ্ষ হ’ব অসমবাসীৰ বাবে ঐতিহাসিক বছৰ

উথ্থান পতনৰে ভৰা ২০১৭ চনটোক বিদায় দি নতুন বৰ্ষ ২০১৮ক উষ্ম আদৰণি জনালে বিশ্ববাসীৰ লগতে অসমবাসীয়েও। আমাৰ সতীৰ্থ তেজপুৰৰ সাংবাদিকে কেইজনমান সমাজৰ আগশাৰীৰ ব্যক্তিক ২০১৭ চনটো অসমৰ বাবে কেনে গ’ল বা ২০১৮ বৰ্ষই আগন্তুক দিনত অসমবাসীৰ বাবে কেনেকুৱা হ’ব নতুন বছৰত কি আশা প্ৰকাশ কৰে সেই বিষয়ে কিছু আলাপ আলোচনা কৰে।

আলাপ আলোচনাত শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই ২০১৮ চনটো অসমৰ বাবে শুভণীয় হ’ব বুলি মন্তব্য কৰে। মানুহৰ মাজত কৰ্মস্পৃহা বাঢ়িছে যিটো সৰ্বসাধাৰণৰ বাবে এক অত্যন্ত সু খবৰ। ইয়াৰ উপৰি অসমৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমবায়ীয়ে এই বছৰতে লাভ কৰিব। লগতে উপায়ুক্তগৰাকীয়ে কয় যে প্ৰকাশ পাবলগীয়া এন আৰ চিৰ প্ৰথম খচৰাত যদি কাৰোবাৰ নাম নাহে তেন্তে তেওঁলোকে পুনৰ আবেদনৰ যোগেৰে নাম অন্তৰ্ভুক্তি কৰিব পাৰিব। ২০১৮ বৰ্ষত অসমবাসীয়ে এখন শুদ্ধ এন আৰ চি পাবলৈ সক্ষম হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়। আনহাতে অনাগত দিনবোৰত অসমবাসীৰ মাজত শান্তি-সম্প্ৰীতি, একতাৰ এনাজৰী সুদৃঢ় হ’ব বুলি মনোজ কুমাৰ ডেকাই আমাৰ আগত জানিবলৈ দিয়ে।

আনহাতে যুৱ লেখিকা সৰিতা শৰ্মাই ২০১৭ চনটো ব্যক্তিগত ভাবে সফল বছৰ বুলি অভিহিত কৰে। তেওঁৰ প্ৰথমখন গ্ৰন্থ ২০১৭ চনতে প্ৰকাশ পাইছিল আৰু ২০১৮ বৰ্ষত সাহিত্য জগতত নিজৰ আশা সমূহ সফল ৰুপায়ন হোৱাৰ বাবে কামনা কৰে। আনহাতে নতুন বৰ্ষৰ প্ৰথম দিনটোতে ঐতিহাসিক এন আৰ চি প্ৰথম খচৰা প্ৰকাশ পাব। আৰু ভৱিষৎত দিনত সকলোৰে মাজত শান্তি-সম্প্ৰীতি বাহাল ৰাখাৰ বাবে প্ৰৰ্থনা কৰে।

অসমৰ চিৰ পৰিচিত অভিনেতা অৰুণ নাথে ২০১৭ বৰ্ষটো অসমীয়া চলচিত্ৰ জগতৰ বাবে এক শুভ বছৰ বুলি মত প্ৰকাশ কৰাৰ লগতে অনাগত দিনত অসমীয়া চলচিত্ৰ জগতখনৰ যথেষ্ট সুদিন আহিব বুলি কয়।

নতুন বছৰ আৰু এন আৰ চিয়ে অসমবাসীলৈ কঢ়িয়াই আনিব আশাৰ সঞ্চাৰ, এই বুলি কয় বিশিষ্ট সমাজ সেৱক নগেন্দৰ জৈনে।

শিক্ষয়ত্ৰী সোণালী দাসে নিজৰ মত ব্যক্ত কৰি কয় যে ২০১৭ চনটো অসমৰ বাবে সমস্যা আছিল এটা খড়্গ যুক্ত গঁড় হত্যা ৰোধ কৰা। কিন্তু হত্যা ৰোধত ব্যৰ্থ হোৱা বন বিভাগে ২০১৮ বৰ্ষত চোৰাংচিকাৰীক আটক কৰি গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি শিক্ষয়ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।

ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্যনৰ সদস্য ডাঃ প্ৰদীপ লস্কৰে নৱবৰ্ষটোত স্বাস্থ্যখণ্ডত ব্যাপক উন্নয়ন হোৱাৰ লগতে ৰাইজৰ বাবে স্বাস্থ্যখণ্ডই ভাল সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে ধীৰাজ হাজৰিকাই অনাগত দিনত অসমৰ খেলুৱৈ সকলে সুনাম কঢ়িয়াব বুলি আমাৰ আগত মত প্ৰকাশ কৰে।