২১ দিনৰ পাছতো সন্ধান নাই মাৰ্ঘেৰিটাৰ নিৰুদ্দিষ্ট কিশোৰীৰ ; পৰিয়ালৰ লোকৰ অপহৰণৰ সন্দেহ 

IMG-20180605-WA0024

দিনে দিনে অপৰাধৰ ৰম্যভূমিলৈ ৰূপান্তৰিত হৈছে তিনিচুকীয়া জিলা৷ হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাৰ পাছত এইবাৰ তিনিচুকীয়া জিলাত সক্ৰিয় হৈছে অপহৰণকাৰী আৰু নাৰী দেহ ব্যৱসায়ী চক্ৰ।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লাজুমৰ এগৰাকী কিশোৰী যোৱা ২১ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছতো আজিলৈ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত কিশোৰীগৰাকী  নাৰীদেহ চক্ৰ বা তেনে কোনো অপৰাধৰ কৱলত পৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত  লাজুমৰ আব্দুল হালিম নামৰ ব্যক্তি এগৰাকীৰ ১৫ বছৰীয়া  কন্যা পাৰ্লিনা পাৰ্বিন যোৱা ১৬ মে’ৰ  পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ পাছ দিনাই পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে একো শুং সূত্ৰ উলিয়াব নোৱাৰাত আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা পৰিয়ালে৷

এতিয়া শোকত ভাগি পৰা পৰিয়ালটোৰ সদস্যই মাইনা মালাকাৰ ওৰফে অসুৰ নামৰ যুৱক এজনে পাৰ্লিনাক  অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ  কৰি মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছে। ছোৱালীগৰাকীৰ কিবা সম্ভেদ পালে মাৰ্ঘেৰিটা থানা নাইবা ৯৪৩৫০০৩০২৩ নম্বৰৰ ম’বাইলত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

আনহাতে নিৰুদ্দিষ্ট ছোৱালীজনীৰ সন্ধান দিওঁ‌তাক পৰিয়ালৰ ফালৰ নগদ ১০ হাজাৰ টকা দিব বুলিও অৱগত কৰিছে।