২১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশ অনুসৰি অহা ২১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দায়িত্বত থকা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া স্বাক্ষৰিত এক বিভাগীয় জাননীত  পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ পূৰ্বে যোৱা ১ মে’ৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ কৰা হৈছিল। সাধাৰণতে প্ৰতি বছৰতেই বাৰিষাৰ আগমনৰ লগে লগেই বিশ্বৰ পৰ্যটকৰ বাবে বন্ধ কৰা হয় কাজিৰঙা ৷

অৱশ্যে উদ্যান বন্ধ হ’লেও কাজিৰঙাত পৰ্যটকৰ সমাগম এতিয়াও আছে ৷ বিভাগীয় তথ্য মতে চলিত পৰ্যটন বৰ্ষত যোৱা ৩০ এপ্ৰিললৈকে কাজিৰঙালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ  ১৮,৩,৫২৮ জন পৰ্যটক আহিছিল ৷ ইয়াৰে ১,৭৫,০৬১ জন আছিল দেশীয় আৰু ৮,৪৬১ জন আছিল বিদেশী পৰ্যটক আৰু ইয়াৰ পৰা ৰাষ্ট্ৰীয় উদ্যান খনে লাভ কৰিছিল   ৫,৪৮,৭৭,৩০৫  টকা ৷ ইয়াৰ বিপৰীতে ২০১৬-১৭ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১৬, ৭,০৫২ জন পৰ্যটক আহিছিল আৰু ৪,৯৩,১৫,১০৪ টকাৰ ৰাজহ লাভ কৰিছিল ৷

মন কৰিব লগীয়া যে যোৱাটো বৰ্ষৰ তুলনাত ২০১৭-১৮ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ১৬,৪৭৬ জন পৰ্যটক বৃদ্ধি হোৱাৰ লগতে ৫, ৫৬, ২, ২০১ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে ৷