NORTHEAST NOW (Assamese)

২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা

December 26, 2017 10:04 pm · এন ই নাও নিউজ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াই জনোৱা অনুসৰি ২০১৮ চনৰ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা ২৩ ফেব্ৰুৱাৰীৰৰ পৰা ২২ মাৰ্চলৈকে অনুষ্ঠিত হ’ব। সম্পূৰ্ণ ইলেক্ট্ৰনিক নিৰীক্ষণৰ অধীনত মুঠ ৮২৬ টা কেন্দ্ৰত পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব। পৰীক্ষা কেন্দ্ৰ সমূহত চি চি টিভি কেমেৰা সংলগ্ন কৰা হ’ব। অসমৰ বিভিন্ন সংবেদনশীল এলেকাৰ ২১ টা কেন্দ্ৰত ভ্ৰাম্যমাণ পৰিদৰ্শনকাৰী নিয়োগ কৰা হ’ব। বাণিজ্য, কলা আৰু বিজ্ঞান শাখা মিলাই প্ৰায় ২৬০০০০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব লগীয়া এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা সমূহ ৫ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে পৰীক্ষাৰ্থীসকলৰ প্ৰৱেশ পত্ৰ সমূহ প্ৰেৰণ কৰা হ’ব।

Related News